November 11, 2025 6:02 PM

views 26

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। জিলাখনৰ বামুণঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাইপাৰা, বিলপাৰাকে ধৰি ১৩ খন গাঁৱত এই ৰোগ ধৰা পৰিছে বুলি ৰাজ্যিক পশু চিকিৎসা বিভাগে তথ্য প্ৰকাশ কৰিছে। ৰাজ্যিক পশু চিকিৎ‍সালয়ৰ তথ্য অনুসৰি জিলাখনত ৪০০তকৈ অধিক গাহৰি নিধন কৰা হৈছে। এই ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰিবলগীয়া হোৱাত জিলাখনৰ কৃষকসকল ক্ষতিগ্রস্ত হৈছে। পশু চিকিৎসা বিভাগে এই ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰিছে। কালাকুছি, তেতেলীগুৰি, দলংপা...

November 10, 2025 7:30 PM

views 29

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ অভিযানত ৫ খন সোণৰ বিস্কুট আৰু অলংকাৰসহ ৩ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে যোৱানিশা ৪টা স্থানত অভিযান চলাই ৫ খন সোণৰ বিস্কুট আৰু অলংকাৰসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সোণৰ বিস্কুটখিনিৰ মূল্য প্রায় ২৪ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে যোৱানিশা এখন গহণাৰ দোকানৰ লগতে তিনিজন লোকৰ ঘৰত অভিযান চলাই সোণৰ বিস্কুটৰ লগতে নগদ চাৰি লাখ টকা, সোণ-ৰূপৰ অলংকাৰ, এখন মটৰ চাইকেল আৰু ম'বাইল ফোনসহ প্রায় ২৪ লাখ টকাৰ সামগ্রী জব্দ কৰে। ধৃত সৰবৰাহকাৰীকেইজন গুলজাৰ হুছেইন, সুমন আলী আৰু মফিদুল ইছলাম বুলি চিনাক্ত কৰ...

November 10, 2025 5:43 PM

views 27

বন্দে মাতৰম গীতটোৰ ১৫০ বছৰ সম্পূৰ্ণ

বন্দে মাতৰম গীতটোৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত আকর্ষণীয় কাৰ্যসূচী হাতত লোৱা হৈছে। বৰপেটা আৰক্ষীয়ে আজি চহৰৰ পাঁচ আলি চকত গীতটোৰ সুৰ সমলয় পৰিৱেশন কৰে। লখিমপুৰতো জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰক্ষী বাহনীয়ে বেণ্ডসহ সমদল কৰি চহৰখৰ ক্লক টাৱাৰৰ সন্মুখলৈকে গীতটি পৰিৱেশন কৰে।

November 4, 2025 10:44 AM

views 38

■ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতৰ ২গৰাকী অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

◆ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতে কালি এগৰাকী নাবালিকাক ধৰ্ষণ আৰু সেই ঘৃণনীয় কাৰ্যৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত দুগৰাকী অভিযুক্তক পক্‌ছ' আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। ন্যায়াধীশ চি চতুর্বেদীৰ আদালতে কালি অভিযুক্ত ফিলিপ কাছোৱা আৰু চিমন বেচেৰাক এই ৰায় দিয়াৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমণা বিহে। জৰিমণা আদায় নকৰিলে দুয়োগৰাকী অপৰাধীয়ে অতিৰিক্ত এবছৰকৈ কাৰাদণ্ডৰ শাস্তি ভূগিব লাগিব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২ আগষ্টত চিৰাং জিলাৰ ভাৰত-ভূটান সীম...

November 4, 2025 10:41 AM

views 35

■ দমদমা মহাবিদ্যালয়ত কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত

● দমদমা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উদ্যোগত দমদমা মহাবিদ্যালয়ত কালি কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত সমল ব্যক্তি হিচাপে বিশিষ্ট আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱণী বৰা আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ইন্দ্রজিৎ দাস উপস্থিত থাকে। দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শর্মাই উদ্বোধন কৰা এই অনুষ্ঠানত কামৰূপ জিলা সাহিত্য সভা আৰু দমদমা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি ম...

October 28, 2025 11:06 AM

views 134

কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

● কাছাৰ আৰক্ষীয়ে কালি কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ইয়াকে ধৰি জিলাখনত গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসকৰ সংখ্যা ১৫লৈ বৃদ্ধি হৈছে। বিগত কেইবাটাও দিনত আৰক্ষীয়ে জিলাখনত ভুৱা চিকিৎসকৰ সন্ধানত অভিযান চলাই আহিছে। এই অভিযানত আৰক্ষীয়ে কালি সোণাই থানাৰ অন্তৰ্গত নগদিগ্ৰামৰ বাসিন্দা ডাঃ ৰাজুল হক লস্কৰক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তগৰাকীয়ে নিজকে চিকিৎসক হিচাপে ভুৱা পৰিচয়েৰে বেবী হেলথ কেয়াৰ নামৰ এখন ক্লিনিক অবৈধভাৱে চলাই আহিছিল।

October 28, 2025 11:03 AM

views 118

কপিলী মহাবিদ্যালয় খেলপথাৰত শুশ্রুষা সেঁতু শীৰ্ষক স্বাস্থ্য শিবিৰ

● পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ১১১ নম্বৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত খেনিস্থিত কপিলী মহাবিদ্যালয় খেলপথাৰত আজি শুশ্রুষা সেঁতু শীৰ্ষক এটা স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। বিধায়ক ৰূপ সিং টেনে এই শিবিৰ মুকলি কৰিব। ১৮ বছৰ অনুৰ্ধ ৩৫ হাজাৰৰো অধিক ৰোগীক এই শিবিৰত স্বাস্থ্য পৰীক্ষাৰ লক্ষ্য লোৱা হৈছে। এই স্বাস্থ্য শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব বুলি জিলা স্থাস্থ্য বিভাগে প্রকাশ কৰে।

October 28, 2025 10:56 AM

views 53

নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ মৰিগাঁও জিলাৰ নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। নিহত লোককেইজন চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আশ্বিক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখযোগ যে জাগীৰোডৰ পৰা নগাঁও অভিমুখে গৈ থকা তেওঁলোকৰ বাহনখন পথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে আৰু বাহনখন চূর্ণ-বিচূর্ণ হয়। দুৰ্ঘটনাত আহত আন দুজন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে।

October 28, 2025 10:50 AM

views 46

বিটিচি সচিবালয়ত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত

● কোকৰাঝাৰৰ বিটিচি সচিবালয়ত কালি বিটিচিৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্ৰশাসনিক আৰু উন্নয়ন বিষয়ক ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত বিটিচিৰ সকলো কাৰ্যবাহী সদস্য, মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে কয়, যে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিত ভূমিপট্টা বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ভূমি আৰু ৰাজহ বিভাগত কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ...

October 24, 2025 6:49 PM

views 43

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ দেহাৱসান

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰয়াত ইন্দ্ৰজিৎ বৰুৱাৰ নশ্বৰ দেহত যোৰহাট প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠানে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।