September 26, 2025 12:51 PM September 26, 2025 12:51 PM

views 17

জোনাইত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

■ জোনাই থানাৰ অন্তৰ্গত বেৰাচাপৰিৰ তাৰি নেপালী বস্তিত কালি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱায়। স্থানীয় লোকৰ উদ্ধৃতিৰে আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে মহেন্দ্ৰ দাস নামৰ ৬৫ বছৰ বয়সীয়া লোকজন পুৱা প্ৰায় ৪ বজাত বিলত মাছ ধৰিবলৈ যোৱা অৱস্থাত পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী এটাক দেখি পলাবলৈ চেষ্টা কৰোতে হাতীটোৱে অতর্কিতে আক্ৰমণ কৰাৰ ফলত লোকজনে থিতাতে প্রাণ হেৰুৱায়। পাছত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰে।

September 22, 2025 8:17 PM September 22, 2025 8:17 PM

views 21

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি বঙাইগাঁৱত যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি আজি বঙাইগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা দিয়া হয়। প্ৰতিটো বিধানসভা সমষ্টিৰ এশজন যক্ষ্মা ৰোগীক, নিক্ষয়মিত্ৰই এই খাদ্যৰ টোপোলা বিতৰণ কৰে। বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত এই খাদ্যৰ টোপোলা প্ৰদান অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠক উপস্থিত থাকে। অনুষ্ঠানটি প্রয়াত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হয়। তিনিচুকীয়া জিলাতো আজি সেৱা সপ্তাহৰ অং...

September 19, 2025 8:07 PM September 19, 2025 8:07 PM

views 11

সেৱা পৰ্বৰ অংশ হিচাপে বৰপেটাত শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ

সেৱা পৰ্বৰ অংশ হিচাপে বৰপেটা জিলাত আজি শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ প্ৰায় ৬০০ শিক্ষানুষ্ঠানৰ ৪৫ হাজাৰ গছপুলি ৰোপণ কৰা হ'ব। অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতে আজি তিনিখন শিক্ষানুষ্ঠানত এই কাৰ্যসূচী আৰম্ভ কৰে।

September 16, 2025 7:46 PM September 16, 2025 7:46 PM

views 7

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ অব্যাহত

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ আজিও অব্যাহত আছে। মৰাণ জনসাধাৰণে তিনিচুকীয়াত কালিৰে পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীত ৬ টা মৰাণ জাতীয় সংগঠনে অংশগ্ৰহণ কৰিছে। জিলাখনৰ পৰা তেল, কয়লা, গেছ, কাঠ আদি বনজ আৰু খনিজ সম্পদৰ বৰ্হি নিগমনৰ ক্ষেত্ৰত জনগোষ্ঠীটোৱে বাধা প্ৰদান কৰিছে। মাকুম, ডিগবৈ, কাকপথাৰ আদি ঠাইত অৱৰোধ কৰাত এনে সামগ্ৰী কঢ়িয়াই নিয়া শ-শ বাহন আৱদ্ধ হৈ পৰিছে। অৱৰোধ কাৰ্যসূচীৰ সমান...

September 16, 2025 6:55 PM September 16, 2025 6:55 PM

views 10

যোৰহাট ছুইমিং ছ’ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ দেহাৱসান

যোৰহাট ছুইমিং ছ'ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ। হাজৰিকাৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ পৰিছে।

September 11, 2025 12:43 PM September 11, 2025 12:43 PM

views 16

গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ

■ গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। জলেশ্বৰৰ ফেৰীঘাট এলেকাত খহনীয়াৰ ফলত জলেশ্বৰ বজাৰৰ লগতে জলেশ্বৰ আৰক্ষী চকী, আদৰ্শ চিকিৎসালয় আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে কালি যন্ত্রচালিত নাৱেৰে খহনীয়াৰ পৰিদৰ্শন কৰে। তেওঁ জলসম্পদ বিভাগৰ কৰ্মচাৰী বিষয়াসকলক আজিৰেপৰা স্পৰ্শকাতৰ এলেকাসমূহত জিঅ' বেগৰ জৰিয়তে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

September 9, 2025 3:24 PM September 9, 2025 3:24 PM

views 14

বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস সোমবাৰে উদযাপন

■ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস কালি উদযাপন কৰা হয়। ২০১৬ চনৰ কালিৰ দিনটোতে মাজুলীক জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল। জিলা দিৱস উপলক্ষে গড়মূৰ খোনাচুকৰ মাধৱদেৱ কৃষ্টি সংঘত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উদ্যোগত আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সহযোগত যোৱানিশা এখন ভাওনা প্ৰদৰ্শন কৰা হয় ৷

September 9, 2025 3:20 PM September 9, 2025 3:20 PM

views 14

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা, ২০২৫-ৰ অধীনত লখিমপুৰত আইনী সেৱা কেন্দ্ৰ মুকলি

লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জিলা সৈনিক কল্যাণ বিভাগত কালি ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা, ২০২৫-ৰ অধীনত আইনী সেৱা কেন্দ্ৰ মুকলি কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা ছেচন ন্যায়াধীশ পলি কটকীয়ে এই কেন্দ্ৰটো মুকলি কৰি ইয়াৰ ফলত প্রাক্তন সেনা তথা দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলৰ পৰিয়ালবৰ্গক বিনামূলীয়া আইনী সেৱা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে।

September 9, 2025 1:05 PM September 9, 2025 1:05 PM

views 14

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান

● সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আদৰণি ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যেতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখটাৰ আহমেদ প্রমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ...

September 9, 2025 1:15 PM September 9, 2025 1:15 PM

views 12

তিৱা বসতি প্ৰধান অঞ্চলৰ মৰিগাঁৱৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ

■ ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতিৰ অধীনত মৰিগাঁও জিলাৰ তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ কৰিছে। এই উপলক্ষে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত কালি মৰিগাওঁ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৪ দিনীয়া তিৱা ভাষা প্রশিক্ষণ শিবিৰ আৰম্ভ হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্রশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে ভাষা সংৰক্ষণ তথা মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এনে প্ৰয়াসে নতুন দিশৰ উন্...