October 17, 2025 12:28 PM October 17, 2025 12:28 PM

views 14

ডিব্ৰুগড়স্থিত কানৈ মহাবিদ্যালয়ত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী

● ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান তথা প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ পৃষ্ঠপোষকতাত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মালব্য মিছন শিক্ষক প্রশিক্ষণ কেন্দ্ৰৰ সহযোগত এন ই পি ২০২০ৰ আওতাত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্রদীপ কুমাৰ বৰুৱাই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

October 14, 2025 11:38 AM October 14, 2025 11:38 AM

views 36

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰতিবাদ

ডিব্ৰুগড়ত কালি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ ১৭৭ খন চাহ বাগিচাৰ শ্ৰমিকে চৌকিদিঙি চাৰিআলিত সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কালি সদৌ অসম কোচ ৰাজবংশী ছাত্রসন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলাখনত দুঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

October 13, 2025 8:53 PM October 13, 2025 8:53 PM

views 16

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি

দৰং জিলা প্ৰশাসনে ছিপাঝাৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে জানিবলৈ দিয়া মতে অঞ্চলটোৰ তিনি নম্বৰ ধলপুৰ গাঁৱৰ ২৫০ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে পৰহিলৈ উচ্ছেদ অভিযান চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দখলীকৃত চৰকাৰী ভূমিত থকা ১৬৭টা পৰিয়াললৈ এমাহ পূৰ্বে জাননী জাৰি কৰা হৈছিল। এই জাননীৰ প্ৰত্যুত্তৰত নিজৰ ভূমিৰ অধিকাৰ বিচাৰি কোনেও এই পর্যন্ত প্র...

October 13, 2025 7:20 PM October 13, 2025 7:20 PM

views 15

শদিয়া সমজিলাত কাইলৈ মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাত কাইলৈ হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আয়োজন কৰা এই শিবিৰৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতি সন্দৰ্ভত বুজ লয়।

October 13, 2025 7:15 PM October 13, 2025 7:15 PM

views 13

জোনাইৰ কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্রীসহ ২ সৰবৰাহকাৰীক আটক

ধেমাজি জিলাৰ জোনাই সমজিলা আৰক্ষীয়ে আজি স্থানীয় দল-সংগঠনৰ সহযোগত জোনাইৰ কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্রীসহ দুজন সৰবৰাহকাৰীক আটক কৰে। চিমেনচাপৰিৰ পৰা জোনাই হৈ অৰুণাচল প্ৰদেশৰ আলঙলৈ সামগ্ৰীখিনি লৈ যোৱাৰ সময়তে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা ইনভা বাহনখনো জব্দ কৰে।

October 10, 2025 1:01 PM October 10, 2025 1:01 PM

views 18

অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত

● যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্রিকালচাৰেল মাইক্ৰ'অর্গেনিজিম মেন্যুফেকচাৰাৰ্ছ এণ্ড ফার্মার্ছ এছোচিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত কালি আয়োজিত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ এন বি এ আই এমৰ সঞ্চালক ড° আলোক কে. শ্রীবাস্তৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সন্মিলনৰ সমন্বয়ক ধানেশ্বৰ ৱাক্‌চুৱে নিজৰ ভাষণত ৰ...

October 8, 2025 8:30 PM October 8, 2025 8:30 PM

views 18

কাইলৈ ধেমাজিৰ চিমেন চাপৰিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাক চেক বিতৰণ কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ধেমাজি জিলাৰ চিমেন চাপৰিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় ৩৭ হাজাৰ আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব৷ চিমেন চাপৰিৰ ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। ইতিমধ্যে ইয়াৰ বাবে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ হৈছে।

October 8, 2025 6:57 PM October 8, 2025 6:57 PM

views 40

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। নগৰখনৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কছাৰীঘাটৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। এই খহনীয়াই নগৰখনৰ জগাৰ্ছ পার্ককে ধৰি নদীকাষৰীয়া ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই অনাত জনসাধাৰণ আতংকিত হৈ পৰিছে। আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই খহনীয়াৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কালি নিশা...

October 7, 2025 12:37 PM October 7, 2025 12:37 PM

views 23

ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন

● অসম ৰাজ্যিক টি এন এ আইৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত কালিৰে পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সাংবাদিক নিতুমণি শ‍ইকীয়াই অংশগ্ৰহণ কৰে। সন্মিলনত নাৰ্চসকলৰ স্বাৰ্থৰ পোষকতা কৰাৰ ওপৰত আলোচনা কৰা হয়। এই সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তত শক্ষিা গ্ৰহণ কৰি থকা হাজাৰৰো অধিক পঞ্জীয়নভুক্ত পেচাদাৰী নাৰ্চৰ প্ৰতিনিধি উপস্থিত থাকে।

October 1, 2025 9:00 PM October 1, 2025 9:00 PM

views 20

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা প্রশাসনৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি জিলা প্রশাসনে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। ১৯৮৯ চনৰ ১ অক্টোবৰত ধেমাজিক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল। জিলাখনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা তথা মহাবিদ্যালয় পৰ্যায়ত যোগাসন আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগতামূলক বাটৰ নাট আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা ...