November 4, 2025 10:44 AM November 4, 2025 10:44 AM

views 21

■ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতৰ ২গৰাকী অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

◆ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতে কালি এগৰাকী নাবালিকাক ধৰ্ষণ আৰু সেই ঘৃণনীয় কাৰ্যৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত দুগৰাকী অভিযুক্তক পক্‌ছ' আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। ন্যায়াধীশ চি চতুর্বেদীৰ আদালতে কালি অভিযুক্ত ফিলিপ কাছোৱা আৰু চিমন বেচেৰাক এই ৰায় দিয়াৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমণা বিহে। জৰিমণা আদায় নকৰিলে দুয়োগৰাকী অপৰাধীয়ে অতিৰিক্ত এবছৰকৈ কাৰাদণ্ডৰ শাস্তি ভূগিব লাগিব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২ আগষ্টত চিৰাং জিলাৰ ভাৰত-ভূটান সীম...

November 4, 2025 10:41 AM November 4, 2025 10:41 AM

views 22

■ দমদমা মহাবিদ্যালয়ত কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত

● দমদমা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উদ্যোগত দমদমা মহাবিদ্যালয়ত কালি কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত সমল ব্যক্তি হিচাপে বিশিষ্ট আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱণী বৰা আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ইন্দ্রজিৎ দাস উপস্থিত থাকে। দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শর্মাই উদ্বোধন কৰা এই অনুষ্ঠানত কামৰূপ জিলা সাহিত্য সভা আৰু দমদমা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি ম...

October 28, 2025 11:06 AM October 28, 2025 11:06 AM

views 111

কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

● কাছাৰ আৰক্ষীয়ে কালি কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ইয়াকে ধৰি জিলাখনত গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসকৰ সংখ্যা ১৫লৈ বৃদ্ধি হৈছে। বিগত কেইবাটাও দিনত আৰক্ষীয়ে জিলাখনত ভুৱা চিকিৎসকৰ সন্ধানত অভিযান চলাই আহিছে। এই অভিযানত আৰক্ষীয়ে কালি সোণাই থানাৰ অন্তৰ্গত নগদিগ্ৰামৰ বাসিন্দা ডাঃ ৰাজুল হক লস্কৰক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তগৰাকীয়ে নিজকে চিকিৎসক হিচাপে ভুৱা পৰিচয়েৰে বেবী হেলথ কেয়াৰ নামৰ এখন ক্লিনিক অবৈধভাৱে চলাই আহিছিল।

October 28, 2025 11:03 AM October 28, 2025 11:03 AM

views 106

কপিলী মহাবিদ্যালয় খেলপথাৰত শুশ্রুষা সেঁতু শীৰ্ষক স্বাস্থ্য শিবিৰ

● পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ১১১ নম্বৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত খেনিস্থিত কপিলী মহাবিদ্যালয় খেলপথাৰত আজি শুশ্রুষা সেঁতু শীৰ্ষক এটা স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। বিধায়ক ৰূপ সিং টেনে এই শিবিৰ মুকলি কৰিব। ১৮ বছৰ অনুৰ্ধ ৩৫ হাজাৰৰো অধিক ৰোগীক এই শিবিৰত স্বাস্থ্য পৰীক্ষাৰ লক্ষ্য লোৱা হৈছে। এই স্বাস্থ্য শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব বুলি জিলা স্থাস্থ্য বিভাগে প্রকাশ কৰে।

October 28, 2025 10:56 AM October 28, 2025 10:56 AM

views 39

নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ মৰিগাঁও জিলাৰ নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। নিহত লোককেইজন চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আশ্বিক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখযোগ যে জাগীৰোডৰ পৰা নগাঁও অভিমুখে গৈ থকা তেওঁলোকৰ বাহনখন পথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে আৰু বাহনখন চূর্ণ-বিচূর্ণ হয়। দুৰ্ঘটনাত আহত আন দুজন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে।

October 28, 2025 10:50 AM October 28, 2025 10:50 AM

views 36

বিটিচি সচিবালয়ত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত

● কোকৰাঝাৰৰ বিটিচি সচিবালয়ত কালি বিটিচিৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্ৰশাসনিক আৰু উন্নয়ন বিষয়ক ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত বিটিচিৰ সকলো কাৰ্যবাহী সদস্য, মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে কয়, যে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিত ভূমিপট্টা বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ভূমি আৰু ৰাজহ বিভাগত কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ...

October 24, 2025 6:49 PM October 24, 2025 6:49 PM

views 29

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ দেহাৱসান

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰয়াত ইন্দ্ৰজিৎ বৰুৱাৰ নশ্বৰ দেহত যোৰহাট প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠানে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

October 24, 2025 6:03 PM October 24, 2025 6:03 PM

views 31

তামুলপুৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত

তামুলপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত আজি এখন দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ সহযোগত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে জিলাখনৰ সকলো স্কুল কৰ্তৃপক্ষক সামৰি বিদ্যালয়ৰ সুৰক্ষা আৰু দুৰ্যোগৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। বিশেষকৈ ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন কৰা হ'ব। অহা ২৯ অক্টোবৰত পুৱা জিলাখনৰ ৪১ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ভূমিকম্প আৰু অগ্নিনির্বাপন সন্দৰ্ভত অনুশীল...

October 22, 2025 12:16 PM October 22, 2025 12:16 PM

views 28

অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ গুলীয়াগুলিত এজন উগ্রপন্থী নিহত

● অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ ভয়ংকৰ গুলীয়াগুলিত আজি এজন উগ্রপন্থী নিহত হয়। আলফা স্বাধীনৰ ৭ জনীয়া এটা দলে অৰুণাচলত প্ৰৱেশ কৰাৰ সময়ত সেনাবাহিনীৰ সৈতে সংঘৰ্ষ হয়। নামচাইৰ ছয়মাইলত হোৱা সংঘৰ্ষত আলফাৰ বনজিত অসম নামৰ কেডাৰজনৰ থিতাতে নিহত হয়। নিহত কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ পেঙেৰীৰ ঋতুকঠালগুৰিত বুলি জানিব পৰা গৈছে। ইপিনে সেনাবাহিনীয়ে মঙলবাৰে পুৱতি নিশা অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত এন এছ চি এন কে (ৱাই এ)ৰ শিবিৰত ড্রোনেৰে আক্ৰমণ চলায়। সেনাবাহিনীৰ এই আক্ৰমণত এছ এছ খাপলাঙৰ ভতিজাক...

October 17, 2025 12:31 PM October 17, 2025 12:31 PM

views 36

যৌন নিৰ্যাতন প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইন ২০১৩ সন্দৰ্ভত ডিব্ৰুগড়ত সজাগতামূলক আলোচনা সভা

● ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত কালি ডিব্ৰুগড় পৌৰ নিগমৰ সভাকক্ষত জিলা সমাজ কল্যাণ বিষয়া প্ৰশান্ত বৰাৰ সভাপতিত্বত কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতন প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইন ২০১৩ সন্দৰ্ভত এখন সজাগতামূলক আলোচনা সভা অনুষ্ঠিত হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী তথা প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত আইনগত বিধি আৰু প্ৰতিটো কাৰ্যালয়তে গঠন কৰিবলগীয়া কমিটিসমূহৰ কৰ্তব্যৰ বিষয়ে আলোচনা কৰা হয় ৷