December 26, 2025 5:59 PM

views 17

তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা

তামুলপুৰ জিলাৰ চেঁচাপানীত আজি তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সভাখনত তামুলপুৰ জিলাৰ আয়ুক্ত, জিলাখনৰ বন বিভাগৰ বিষয়াৰ লগতে বহুকেইটা স্বেচ্ছাসেৱী সংস্থাৰ বিষয়-ববীয়াই হাতী-মানুহৰ সংঘাত দূৰীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাখনত হাতীৰ খাদ্যৰ বাবে খেতি কৰা তথা ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত অধিক মাত্ৰাত গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সভাখনতখন বিভাগ তৰফৰ পৰা ৰাইজৰ মাজত উন্নত মানৰ টর্চ লাইট বিত...

December 18, 2025 4:24 PM

views 22

নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ উদ্বোধন সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ

শিশুৰ সৰ্বাঙ্গীন বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে সৰুপথাৰ সমষ্টিৰ নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰটো আজি সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ সম-জিলা আয়ুক্ত, খণ্ড উন্নয়ণ বিষয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

December 18, 2025 4:22 PM

views 30

শিৱসাগৰৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত দুজন লোক নিহত

শিৱসাগৰ জিলাৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দূৰ্ঘটনাত আজি দুজন লোক নিহত হোৱাৰ লগতে এটি শিশুসহ আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱা ঘন কুঁৱলীৰ মাজেৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন ডাম্পাৰত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দা মৰাৰ ফলতে এই দূর্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত শিৱসাগৰৰ বেতবাৰী তিনিআলিৰ মৌ বন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰী বিপুল হাতীমূৰীয়া নিহত হয়। গুৰুতৰভাৱে আহত বিপুল হাতীমূৰীয়াৰ পত্নী নমিতা শ‍ইকীয়াক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ অৱস্থ...

December 18, 2025 4:20 PM

views 23

পুনেত ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অসমক প্রতিনিধিত্ব কৰিব

দৰং জিলাৰ ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অহা ২০ ডিচেম্বৰৰ পৰা পুনেত হ'বলগীয়া ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত অসমক প্রতিনিধিত্ব কৰিব। শিক্ষা মন্ত্ৰালয়ে আয়োজন কৰা এই উৎসৱত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰা শিক্ষাৰ্থী কেইগৰাকী হৈছে জ্যোতিস্মিতা শর্মা, উপাসনা শৰ্মা আৰু জীনা প্ৰিয়ম শৰ্মা। তেওঁলোকে ৰাষ্ট্ৰীয় কলা উৎসৱত ব্যাসৰ ওজাপালি সংগীত প্ৰদৰ্শন কৰিব।

December 18, 2025 4:18 PM

views 32

১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন মাজুলীৰ দিপাঙ্কৰ ৰাজখোৱাৰ

মাজুলী জিলা ছাত্রসন্থাৰ সম্পাদক তথা এগৰাকী কৃষক দিপাঙ্কৰ ৰাজখোৱাই প্ৰায় ১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ গেজিং চাপৰিত ভূমি লীজত লৈ বিগত ৫ বছৰে তেওঁ কৃষি কৰ্মৰে যথেষ্ট লাভান্বিত হৈছে। কৃষকগৰাকীয়ে নিজৰ লগতে আন ১০ টা পৰিয়ালকো কৃষি কৰ্মত নিয়োগেৰে সংস্থাপনৰ বাট মুকলি কৰিছে।

December 18, 2025 12:24 PM

views 18

মাছখোৱা আই টি এ কেন্দ্ৰত দ্বাবিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন

● ডাঃ অমিতাভ চৌধুৰী স্মাৰক ন্যাসৰ উদ্যোগত কাইলৈ গুৱাহাটীৰ মাছখোৱা আই টি এ কেন্দ্ৰত দ্বাবিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে। বিয়লি পাঁচ বজাত হ'বলগীয়া এই অনুষ্ঠানত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল চায়েন্স চমুকৈ এইমচৰ প্ৰাক্তন অধ্যাপক তথা বিভাগীয় মুৰববী পদ্মশ্রী ডাঃ ৰণদীপ গুলেৰিয়াই ‘চিকিৎসা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ধাৰণা পৰিৱৰ্তন' বিষয়ত বক্তৃতা দিব। উল্লেখযোগ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা হৃদ আৰু শৈল চিকিৎসা বিশেষজ্ঞ ডাঃ অমিতাভ চৌধুৰীৰ স্মৃতিত তেওঁৰ পৰিয়ালে ...

December 6, 2025 8:27 PM

views 32

১৩ ডিচেম্বৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাট সমাৰোহৰ আয়োজন

নটসূৰ্য সোৱৰণি উদযাপন সমিতিৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা ১৩ ডিচেম্বৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাট সমাৰোহৰ আয়োজন কৰা হৈছে। উদ্বোধনী সন্ধিয়া ৰিতুপৰ্ণ দাসৰ ৰচনা আৰু পৰিচালনাৰে কুৰুক্ষেত্ৰ নাটকখন মঞ্চস্থ কৰা হ'ব। কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ স্মৃতিত সমাৰোহৰ প্ৰথম দিনটো উচৰ্গা কৰা হ'ব। সেইদিনা অনুষ্ঠানত নটসূৰ্যৰ প্ৰতিষ্ঠাপক, সাধাৰণ সম্পাদক গিয়াছুদ্দিন আহমেদৰ স্মৃতিত নাট্যকাৰ আৰু পৰিচালক তৰুণ শ‍ইকীয়া স্মাৰক বঁটা প্ৰদান কৰা হব। এই অনুষ্ঠানতে নটসূৰ্...

December 6, 2025 8:25 PM

views 16

কোচ ৰাজবংশী নাগৰিক মঞ্চৰ উদ্যোগত বঙাইগাওঁ বিশ্ববিদ্যালয় প্রেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আলোচনা চক্ৰ অনুষ্ঠিত

কোচ ৰাজবংশী নাগৰিক মঞ্চৰ উদ্যোগত বঙাইগাওঁ বিশ্ববিদ্যালয় প্রেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। উদ্বোধনী অনুষ্ঠানত মূল বক্তা হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড° সমুদ্রগুপ্ত কাশ্যপৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা লেখক ড° শান্ত বর্মনে অংশগ্ৰহণ কৰে। অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাস, আৰ্থসামাজিক আৰু ৰাজনৈতিক অৱস্থা শীৰ্ষক এই আলোচনাচক্ৰত শ্বিলঙৰ উত্তৰ পূৰ্বাঞ্চল পার্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতিময় প্রধানে ভাষণ আগবঢ়ায়। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য, ড°...

December 6, 2025 8:19 PM

views 18

ৰাজ্যৰ বিভিন্ন অঞ্চলত ড০ ভীমৰাও আম্বেদকাৰৰ মৃত্যু তিথি পালন

দলিত তথা অনুসূচিত জাতিৰ লোকসকলৰ ন্যায়ৰ বাবে জীৱন উচৰ্গা কৰা ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড০ ভীমৰাও আম্বেদকাৰৰ মৃত্যু তিথি আজি ৰাজ্যৰ বিভিন্ন অঞ্চলত পালন কৰা হয়। যোৰহাট জিলা অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত পশ্চিম যোৰহাটৰ টীয়কত সৰুজ গাঁৱৰ ৰংগমঞ্চত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত শ্ৰীশ্ৰী মায়ামৰা পুৰণিমাটি সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱগোস্বামী, খুটিয়াপোতা মায়ামৰা সত্ৰৰ সত্ৰাধীকাৰ উপস্থিত থাকে। অনুষ্ঠানত প্রাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে প্রাক্তন বিধায়িকা সুশিলা হাজৰিকা, অনুসূচিত জাতি মৰ্চাৰ অসম প...

December 6, 2025 7:34 PM

views 31

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি প্রশাসনিক বিষয়াসকলৰ সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ

অহা ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত দিলীপ গৌৰৱকে ধৰি জ্যেষ্ঠ চৰকাৰী তথা প্রশাসনিক বিষয়াসকলে সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্রী শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপত অসম ভেলী ফার্টিলাইজাৰ্ছ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ এই উপলক্ষে আয়োজিত এখন ৰ...