November 18, 2025 1:24 PM November 18, 2025 1:24 PM

views 14

অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

● অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, সুলেখক জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। অহা বৰ্ষৰ ১৮ৰ পৰা ২১ জানুৱাৰীলৈ কলিয়াবৰত হ’বলগীয়া নাট্য সন্মিলনৰ অধিৱেশনত শ্ৰী শৰ্মাই সভাপতিত্ব কৰিব। অসম নাট্য সন্মিলনৰ বিগত ৬৩ সংখ্যক বেলশৰ অধিৱেশনতে জিতেন শৰ্মাৰ নাম সভাপতি হিচাপে সন্মিলনৰ সাধাৰণ পৰিষদৰ সভাত নিৰ্বাচিত হৈছিল। অৱশ্যে সাংবিধানিক বিধি অনুযায়ী সভাপতি হিচাপে শ্ৰী শৰ্মাৰ নামটো শেহতীয়া কাৰ্যনিৰ্বাহক সভাতহে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

November 17, 2025 6:45 PM November 17, 2025 6:45 PM

views 21

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদ মেলযোগে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ৫,৯০০ বিঘাৰো অধিক ভূমি দখল হৈ আছিল। তেওঁ কয় যে এই লোকসকলক পর্যাপ্ত সময় দিয়া হৈছে আৰু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত দখলমুক্ত নকৰিলে প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হ'ব।

November 13, 2025 1:04 PM November 13, 2025 1:04 PM

views 34

তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ

■ তিনিচুকীয়া জিলাৰ মাকুম উন্নয়ন খণ্ডৰ গোবিন্দপুৰ গাঁৱত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে মাকুম উন্নয়ন খণ্ড, ইটাখুলি উন্নয়ন খণ্ড, মাকুম আৰু তিনিচুকীয়া পৌৰ সভাৰ অধীনৰ এলেকাত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত গাহৰিৰ ক্রয়-বিক্রয় বা গাহৰিৰ খাদ্যকে ধৰি অন্যান্য সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। প্রশাসনে লগতে গোবিন্দপুৰ গাঁৱৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক ‘সতর্কতা মণ্ডল' হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ গোবিন্দপুৰ আৰু ধ...

November 13, 2025 12:28 PM November 13, 2025 12:28 PM

views 23

মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি

● গহপুৰত মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। দেশৰ ১৪ গৰাকী অগ্রণী মীন উদ্যমীৰ ভিতৰত অসমৰ পৰা প্ৰথমবাৰৰ বাবে শৰ্মাৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে। পৰিচালনা সমিতিখনৰ কাৰ্যকালৰ তিনি বছৰৰ ভিতৰত অসম তথা উত্তৰ-পূবৰ মীন পালনৰ সমস্যা সমাধানৰ বাবে সহায় কৰিব বুলি শ্ৰী শৰ্মাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদৰ চাকৰি ত্যাগ কৰি জাপান, ছিংগাপুৰ আৰু থাইলেণ্ডত মৎস্য উৎপাদনৰ প্ৰশিক্ষণ ...

November 13, 2025 1:07 PM November 13, 2025 1:07 PM

views 16

শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন

● শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত আজিৰেপৰা ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন কৰা হৈছে। মহিলাসকলক আধ্যাত্মিক শিক্ষাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে যোগ-প্রাণায়াম, আলোচনা চক্র, গীতা-ভাগৱতৰ তত্ত্ব কথা, দিহানাম আদিৰ আয়োজন কৰা হৈছে। সন্মিলনৰ সভাপতি তথা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। এই সন্মিলনত ৰাজ্যখনৰ প্ৰায় ৩ হাজাৰ মহিলাই অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জনাইছে।

November 11, 2025 6:52 PM November 11, 2025 6:52 PM

views 30

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক কৰা হৈছে। নজৰুল ইছলাম বৰভূঞা নামৰ লোকজনে সামাজিক মাধ্যমত বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে কাছাৰ আৰক্ষীৰ এটা দলে লোকজনক আটক কৰে। ইপিনে বিস্ফোৰণৰ ঘটনাৰ পাছতে কাছাৰ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে জানিবলৈ দিছে।

November 11, 2025 6:47 PM November 11, 2025 6:47 PM

views 24

ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ’ব

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱলৈ অহা ভকত-বৈষ্ণৱক আদৰিবলৈ সত্ৰখন সাজু হৈ উঠিছে। সত্ৰখনৰ নামঘৰৰ লগতে বৈষ্ণৱসকলৰ বহা আটকধুনীয়াকৈ সজাই তোলা হৈছে। এই মহোৎসৱৰ বাবে মাজুলীলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে।

November 11, 2025 6:02 PM November 11, 2025 6:02 PM

views 10

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। জিলাখনৰ বামুণঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাইপাৰা, বিলপাৰাকে ধৰি ১৩ খন গাঁৱত এই ৰোগ ধৰা পৰিছে বুলি ৰাজ্যিক পশু চিকিৎসা বিভাগে তথ্য প্ৰকাশ কৰিছে। ৰাজ্যিক পশু চিকিৎ‍সালয়ৰ তথ্য অনুসৰি জিলাখনত ৪০০তকৈ অধিক গাহৰি নিধন কৰা হৈছে। এই ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰিবলগীয়া হোৱাত জিলাখনৰ কৃষকসকল ক্ষতিগ্রস্ত হৈছে। পশু চিকিৎসা বিভাগে এই ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰিছে। কালাকুছি, তেতেলীগুৰি, দলংপা...

November 10, 2025 7:30 PM November 10, 2025 7:30 PM

views 11

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ অভিযানত ৫ খন সোণৰ বিস্কুট আৰু অলংকাৰসহ ৩ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে যোৱানিশা ৪টা স্থানত অভিযান চলাই ৫ খন সোণৰ বিস্কুট আৰু অলংকাৰসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সোণৰ বিস্কুটখিনিৰ মূল্য প্রায় ২৪ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে যোৱানিশা এখন গহণাৰ দোকানৰ লগতে তিনিজন লোকৰ ঘৰত অভিযান চলাই সোণৰ বিস্কুটৰ লগতে নগদ চাৰি লাখ টকা, সোণ-ৰূপৰ অলংকাৰ, এখন মটৰ চাইকেল আৰু ম'বাইল ফোনসহ প্রায় ২৪ লাখ টকাৰ সামগ্রী জব্দ কৰে। ধৃত সৰবৰাহকাৰীকেইজন গুলজাৰ হুছেইন, সুমন আলী আৰু মফিদুল ইছলাম বুলি চিনাক্ত কৰ...

November 10, 2025 5:43 PM November 10, 2025 5:43 PM

views 17

বন্দে মাতৰম গীতটোৰ ১৫০ বছৰ সম্পূৰ্ণ

বন্দে মাতৰম গীতটোৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত আকর্ষণীয় কাৰ্যসূচী হাতত লোৱা হৈছে। বৰপেটা আৰক্ষীয়ে আজি চহৰৰ পাঁচ আলি চকত গীতটোৰ সুৰ সমলয় পৰিৱেশন কৰে। লখিমপুৰতো জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰক্ষী বাহনীয়ে বেণ্ডসহ সমদল কৰি চহৰখৰ ক্লক টাৱাৰৰ সন্মুখলৈকে গীতটি পৰিৱেশন কৰে।