March 31, 2024 9:00 PM
29
বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন
বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। কোকৰাঝাৰ জিলাৰ দতমাৰ থুলুংগাপুৰীত থকা বডোফাৰ সমাধিস্থলত সদৌ বড়ো ছাত্ৰ সন্থাই এই দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ সভাপতি দীপেন বড়োৱে পতাকা উত্তোলন কৰাৰ লগতে বডোফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে। ইয়াৰ পাছতে আয়োজিত মুকলি সভাত ৰাজ্যৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰ্থ নাৰ্জাৰী, লেখক তথা সাংবাদিক ৰূপা চিনাইৰ লগতে ...