May 9, 2024 9:02 PM

views 17

আক্ৰাছুৰ উদ্যোগত অহা ১১ মে’ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ আয়োজন

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰাবাৰী হাতীবান্ধা আঞ্চলিক সমিতি আৰু টংলা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত অহা ১১ মে'ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিৰ সমাৰোহৰ আয়োজন কৰা হৈছে। সেইদিনা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পাছত স্মৃতি তৰ্পন আৰু গছপুলি ৰোপণ আৰু মুকলি সভা অনুষ্ঠিত হ'ব। সন্ধিয়া সাংস্কৃতিক সমাৰোহত বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান পৰিবেশন কৰা হ'ব।

May 9, 2024 8:58 PM

views 26

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন

নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয়খনে পৰৱৰ্ত্তী সময়ত এইমছৰ সৈতে মিলিত হৈ শৈক্ষিক আৰু কাৰিকৰী দিশত সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইমছৰ কার্যবাহী স...

May 9, 2024 8:51 PM

views 8

তামুলপুৰৰ দৰঙাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা

তামুলপুৰ জিলাৰ অন্তৰ্গত এন কে দৰঙাত আজি মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাখনৰ জৰিয়তে ভাৰত-ভূটান সীমান্তৰ এন কে দৰঙাত চলি থকা মাদক দ্ৰব্যৰ বেহাৰ লগতে তিৰ, জুৱা আদিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি সভাত অবৈধ কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও কাৰ্যপন্থা গ্ৰহণ কৰাৰ লগতে সন্দেহজনক ব্যক্তিক দেখিলে প্ৰশাসনক খবৰ দিবলৈ ৰাইজক আহ্বান জনোৱা হয়।

May 9, 2024 8:35 PM

views 9

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত অস্ত্রসহ দুজনক আটক

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত আজি চি আৰ পি এফে দুজন যুৱকক অস্ত্রসহ আটক কৰে। যুৱক দুজনৰ পৰা এটা ৯ এম এম পিষ্টল আৰু ৫ জাই গুলি জব্দ কৰা হৈছে। জানিব পৰা মতে, নাগালেণ্ডৰ যুৱকজনে পিষ্টল বিক্ৰী কৰিবলৈ চিংফাঙলৈ অহাৰ সম্ভেদ পাই চি আৰ পি এফৰ দলে অভিযান চলাই যুৱক দুজনক আটক কৰে। সম্প্ৰতি দুয়োজনকে মথুৰাপুৰ থানাত গটাই দিয়াৰ লগতে জেৰা কৰি থকা হৈছে।

May 7, 2024 9:36 PM

views 23

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত যোৱা নিশা এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। জিলাখনৰ আওজাৰগুৰি গাওঁৰ ধনীৰাম নাৰ্জাৰী নামৰ লোকজনৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ লগতে আন এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, যোৱা নিশা অঞ্চলটোৰ এটা পৰিয়ালৰ বাৰীত সোমাই হাতীটোৱে উপদ্রপ চলোৱাৰ সময়ত হাতীটো খেদিবলৈ যাওতে হাতীটোৱে ওলোতাই আক্ৰমণ কৰাত এজন লোক থিতাতে নিহত হয় আৰু আন এজন গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে যোৱা ১৫ দিনৰ ভিতৰত বনৰীয়া হাতীৰ আক্ৰমণত তা...

May 7, 2024 1:00 PM

views 21

শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বৈঠক

♦ শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে কালি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ চাহ বাগিছাসমূহত এই ৰোগসমূহ প্ৰতিৰোধ কৰিবলৈ শ্ৰমিকসকলক বিশুদ্ধ খোৱাপানী ব্যৱহাৰৰ বাবে সজাগ কৰিবলৈ প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৩৬ খন চাহ বাগিছাৰ চিকিৎসা বিষয়া আৰু শ্রমিক কল্যাণ বিষয়াই অংশ লোৱা এই বৈঠকত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে ৰোগসমূহ প্ৰতিৰোধ কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ এখন চাহ বাগিছাত ...

May 6, 2024 12:22 PM

views 21

ইম্ফলত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিৰ

♦ মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিয়ে কালি ইম্ফলত আয়োজিত এটা অনুষ্ঠানত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি কৰে। মণিপুৰৰ বিদ্যা ভাৰতী শিক্ষা বিকাশ সমিতিয়ে ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সাহায্য শিবিৰ সমূহত থকা শিশুসকলক শিক্ষা প্ৰদান কৰা। এই বিদ্যালয় সেৱাৰ বাহনখনত এগৰাকী শিক্ষকৰ লগতে এটা পুথিভঁৰাল, কম্পিউটাৰ আৰু খেলৰ সামগ্ৰী থাকিব। বাহনখনে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা সাহায্য শিবিৰসমূহ ভ্ৰমণ কৰি শিশুসকলক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিব। অনুষ্ঠানত দিয়া ভাষণত ৰ...

May 5, 2024 7:13 PM

views 22

কাৰ্বি সাহিত্য সভাৰ উদ্যোগত ডিফুত দিনজোৰা মত-বিনিময় অনুষ্ঠান

কাৰ্বি সাহিত্য সভা অর্থাৎ কাৰ্বি লামমেত আমেইৰ উদ্যোগত আজি ডিফুত থকা সভাৰ মুখ্য কাৰ্যালয়ত প্রাক্তন সভাপতি, সম্পাদক আৰু সদস্যসকলৰ সৈতে এটা দিনজোৰা মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে সভাৰ সম্পাদক কান্সিং হান্সেৰ পৌৰোহিত্যত আয়োজিত অনুষ্ঠানটোত প্রাক্তন সভাপতি আৰু সম্পাদকসকলৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে। বক্তাসকলে ১৯৬৬ চনত গঠিত কাৰ্বি সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা উল্লেখ কৰি কাৰ্বি ভাষাৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সমাগ্ৰহণৰ বাবে পূৰ্ণাংগ ব্যাকৰণ তথা অভিধান প্ৰণয়ন কৰিবলৈ পৰ...

May 1, 2024 8:59 PM

views 40

বাক্সাৰ শালবাৰীত বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন

বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত খাম চিফুঙৰ তালে তালে বড়ো যুৱতীসকলে বাগৰুম্বা নৃত্য কৰা দৃশ্যই সকলোকে আপ্লুত কৰে। আবেলিৰ ভাগত বৈশাগু নৃত্য প্ৰতিযোগিতা, মুকলি সভা আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

April 21, 2024 6:46 PM

views 19

তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি তথা তেজপুৰ পৌৰ সভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়। তেজপুৰ সাহিত্য সভাৰ সভাকক্ষত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন কাব্য গ্ৰন্থ আৰু এখন চুটি গল্প সংকলন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সভাত বাণ থিয়েটাৰ, তেজপুৰ বিশ্ববিদ্যালয় আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ সৈতে জড়িত ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে প্রথম অসমীয়া ঔপন্যাসিকগৰাকীৰ স...