May 18, 2024 10:22 PM

views 27

মৰমৰ যোৰহাট আঁচনিৰ অধীনত টিয়ক হাইস্কুলৰ প্ৰাঙ্গনত পথ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত জনসভা

◊ মৰমৰ যোৰহাট আঁচনিৰ অধীনত আজি যোৰহাট জিলা প্রশাসনে টিয়ক হাইস্কুল প্ৰাঙ্গনত পথ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এখন জনসভা অনুষ্ঠিত কৰে। জিলা আয়ুক্তৰ সভাপতিত্বত আয়োজন কৰা সভাখনত জিলা আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে। পথ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে ৰাইজক যাতায়ত আৰু পৰিবহনৰ সময়ত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত অধিক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। পথ সজাগতা সম্পৰ্কীয় অন্য এটা অনুষ্ঠানত জিলা প্রশাসনিক বিষয়াসকলে ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্...

May 18, 2024 10:03 PM

views 46

আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস

♦ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰীত এই উপলক্ষে শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত এলানি কাৰ্যসূচী পালন কৰা হয়৷ শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে পতাকা উত্তোলন কৰাৰ পাছতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সভাপতি উমেশ দৈমাৰীয়ে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন আৰু পুস্পাঞ্জলি অর্পন কৰে। অনুষ্ঠানত শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অ...

May 12, 2024 7:05 PM

views 16

দুধনৈত ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ

জেঠ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰিবলগীয়া ৰাভা জনগোষ্ঠীৰ জাতীয় উৎসৱ বাইখোৰ কাৰণে দুধনৈ আঞ্চলিক ছাত্র সভাই প্রস্তুতি অব্যাহত ৰাখিছে। অহা ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ উদযাপন কৰা হ'ব। দুধনৈ ৰাজহুৱা খেলপথাৰত আজি এই উদ্দেশ্যেৰে আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। উল্লেখযোগ্য যে দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বাইখো উৎসৱৰ এই বছৰ ২৫ বছৰ পূর্তি উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হ'ব।

May 12, 2024 12:08 PM

views 20

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠান

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত গুৱাহাটীৰ এটা প্ৰকাশন গোষ্ঠী আৰু সাংবাদিকগৰাকীৰ পৰিয়ালৰ সহযোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতা শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয় আচার্য্য ড০ সমুদ্রগুপ্ত কাশ্যপ আৰু সাংবাদিক প্রকাশ মহন্তই স্মাৰক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰাক্তন গ্ৰন্থাগাৰীক ৰবিন্দ্ৰ পাঠক আৰু ল...

May 11, 2024 8:01 PM

views 24

ইণ্ডিয়ান অইল ক’ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত নগাঁৱত সজাগতামূলক কার্যসূচী

ভাৰত চৰকাৰৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত ইণ্ডিয়ান অইল ক'ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত আজি নগাঁৱত এটা সজাগতামূলক কার্যসূচী গ্ৰহণ কৰা হয়। নগাঁও নাট্যমন্দিৰত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ ৰন্ধন গেছৰ বিভিন্ন বিতৰকৰ যোগান ধৰোতা আৰু মেকানিক সকলৰ সৈতে মত বিনিময় অনুষ্ঠান সম্পন্ন কৰা হয়। এই অনুষ্ঠানত ইণ্ডিয়ান অইলৰ ৰাজ্যিক কাৰ্যলয়ৰ মহাপ্রবন্ধক দিনেশ প্রসাদ বিদ্যার্থীকে ধৰি কেইবাজনো বিষয়াই অংশগ্রহণ কৰে। ইয়াৰ লগতে নগাঁৱৰ অগ্নি নির্বাপক বাহিনীৰ সহযোগতো অগ্নি প্ৰতিৰোধ...

May 11, 2024 7:59 PM

views 28

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত কালিৰে পৰা ৩দিনীয়াকৈ ফাট বিহুৰ অনুষ্ঠিত

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি দ্বিতীয় দিনাও বিহুতলিত উখল মাখল পৰিবেশে বিৰাজ কৰে। ঢোল, পেঁপা, গগনাৰ মাতেৰে ফাট বিহুতলি মুখৰ হৈ উঠিছে। সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা এই বিহুৰ আজি দ্বিতীয় দিনা বর্ণিল কার্যসূচী ৰূপায়ণ কৰা হয়। কপৌ ফুল আৰু গছপুলি ৰোপণেৰে আজি ফাট বিহুৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে গামোচা প্ৰতিযোগিতা, হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি ফাট বিহুৰ বছৰেকীয়া স্মৰণিকা বিহুৱান আজি উন্মোচন কৰা হয়।...

May 11, 2024 7:58 PM

views 16

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰীৰ বিলাসীপাৰাৰ বৰবৰুৱাঝাৰ গাঁও আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই তিনিটা মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক আটক কৰে। উল্লেখযোগ্য যে কিছুদিন আগেয়ে অঞ্চলটোত আৰক্ষীয়ে কেইবাজনো মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ইপিনে নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে চলোৱা দুটা সুকীয়া অভিযানত দুজন মাদক দ্রব্য সৰবৰাহকাৰীক আটক কৰা হৈছে। ৰূপহীহাটৰ কুচগাঁও আৰু তামুলীটুপত যোৱা নিশা চলোৱা অভিযানত আৰক্ষীয়ে লোক দুজনক আটক কৰে। ধৃত লোক দুজনৰ পৰা আৰক্ষী...

May 11, 2024 5:56 PM

views 28

আজিৰে পৰা দুদিনীয়াকৈ মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ

কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ মুকলি কৰা হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ইকো ক্লাবৰ দুই শতাধিক ছাত্র- ছাত্ৰীয়ে এই শিবিৰত অংশ লৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই শিবিৰ মুকলি কৰি বন ধ্বংসৰ দৰে কাম কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত মৰিগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ হেমন্ত কুমাৰ নাথ আৰু অ...

May 11, 2024 5:48 PM

views 28

দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হাটশিঙিমাৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্রান্তীয়, পথ দুর্ঘটনা, বেংক ঋণ আদিৰ গোচৰ খৰতকীয়াকৈ নিষ্পত্তি কৰা হয়।

May 11, 2024 5:43 PM

views 24

মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত ৬ মে’ৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি

গুৱাহাটীৰ পাটগাঁৱৰ এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ উদ্যোগত আৰু মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত যোৱা ৬ মেৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি পৰিছে। এই অনুশীলন কাৰ্যসূচীত বানৰ লগতে অগ্নিকাণ্ডকে ধৰি বিভিন্ন দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় কৌশল বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হয়।