May 26, 2024 6:46 PM

views 17

গ্ৰীষ্ম প্ৰৱাহৰ ফলত তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত হাপানী, ডায়েৰীয়াৰ লগতে ভাইৰেল জ্বৰত আক্ৰান্ত

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰ জিলাতো গ্ৰীষ্ম দাহত জনসাধাৰণ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে হাপানী, ডায়েৰীয়াৰ লগতে সাধাৰণ ভাইৰেল জ্বৰত শিশু আৰু বৃদ্ধ ব্যক্তিসকল চিকিৎসালয়ত ভর্তি হবলগীয়া হৈছে। এই ক্ষেত্ৰত ৰাইজক বিভিন্ন ক্ষেত্ৰত সতৰ্ক হ'বলৈ নাগ্ৰিজুলি আদর্শ চিকিৎ‍সালয়ৰ উপ অধীক্ষক ডাঃ দিগন্ত কুমাৰ বড়োৱে সংবাদ মাধ্যমযোগে আহ্বান জনায়। জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ লগতে নাৰিকলৰ পানী, নেমু চৰবত ইত্যাদি খাবলৈ পৰামৰ্শ আগবঢ়াই উপ অধীক্ষকগৰাকীয়ে ধুলি বালি আৰু প্ৰদূষণৰ ফলত এই সময়ছোৱাত ভাইৰেল ৰোগসম...

May 25, 2024 7:56 PM

views 29

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক এইবাৰৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ সৈতে সংগতি ৰাখি ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত যোৱা নিশা আয়োজিত এখন ধর্মালোচনা সভাত সত্ৰাধিকাৰগৰাকীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে ...

May 25, 2024 6:36 PM

views 24

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰঅৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা যোৰহাটৰ তিতাবৰৰ নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক আজি জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ আত্ম প্রতিষ্ঠা আৰু একত্ৰিত কৰাৰ ক্ষেত্ৰত আগ বঢ়োৱা জীৱন যোৰা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ সভাপতি মহেন্দ্ৰ শ‍ইকীয়াই আজি তিতাবৰৰ ঠেঙ্গাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ সভা কক্ষত আয়োজিত এটা অনুষ্ঠানত এই ব...

May 25, 2024 6:09 PM

views 25

ৰাজ্যৰ ভিন্নত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি

ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে। বৰপেটা সত্ৰত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানৰ আজি আইসকলৰ নামেৰে সামৰণি মৰা হয়। আনহাতে, সুন্দৰীদিয়া সত্ৰত তিনিদিনীয়াকৈ আয়োজিত কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি সত্ৰৰ দালান তথা মূল প্ৰৱেশ পথৰ সন্মুখৰ পৰা আজি এটা ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাই সমগ্ৰ সুন্দৰীদিয়া অঞ্চল পৰিভ্ৰমণ কৰে। আনহাতে, ইয়াৰ পূৰ্বে যোৱা নিশা আয়োজিত ধর্মালোচনা সভ...

May 19, 2024 9:00 PM

views 19

গুৱাহাটীৰ খানাপাৰাত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক

জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এখন বৈঠক আজি গুৱাহাটীৰ খানাপাৰাৰ বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হয়। বিভিন্ন জনজাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত সমিতিৰ মুখ্য সমন্বয়ক তথা সদৌ অসম জনজাতীয় সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে কয় যে, জুলাইৰ প্ৰথম ভাগত গুৱাহাটীত ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদসকলৰ উপস্থিতিত এখন শিক্ষা সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বি...

May 19, 2024 8:52 PM

views 26

আৰণ্যকৰ উদ্যোগত কাজিৰঙাৰ পৰা ওৰাঙলৈ সজাগতামূলক চাইকেল ৰেলী

প্রকৃতিপ্রেমী সংগঠন আৰণ্যকৰ উদ্যোগত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু গঁড় সুৰক্ষাৰ বাবে কাজিৰঙাৰ পৰা ওৰাঙলৈ এটা সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত আয়োজন কৰা ৰেলীটোত ১০ জনীয়া চাইক্লিষ্টৰ এটা দলে অংশগ্ৰহণ কৰে। বোকাখাটত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ৰেলীটোৱে আজি যাত্ৰা আৰম্ভ কৰে। সংৰক্ষণৰ অধিকাৰ শীৰ্ষক বাৰ্তাৰে পৰিচালিত ৰেলীটোৱে তিনি দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ৯০ কিলোমিটাৰ অতিক্ৰম কৰি কলিয়াভোমোৰাত নিশা যাপন কৰিব। কাইলৈ পুৱা প...

May 19, 2024 8:04 PM

views 19

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ ভাবুকি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধীৰেচৰ তাৰাংগাপুৰ গাওঁৰ ৰাইজে বাৰিষাৰ পূৰ্বে চম্পাৱতী নৈৰ খহনীয়াৰ পৰা সমস্যাৰ সন্মুখীন হৈছে। এই গাওঁখনত পূৰ্বেও কেইবাহাজাৰ বিঘা কৃষিভূমি আৰু ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ নৈখনত জাহ গৈছে। অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সমস্যাৰ সমাধান বিচাৰি আহ্বান জনাইছে।

May 19, 2024 7:53 PM

views 23

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নলবাৰীত জনপদ-সংস্কৃত সন্মিলনৰ আয়োজন

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আজি নলবাৰী নাট্য মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে জনপদ- সংস্কৃত সন্মিলন আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সন্মিলনখন নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীয়ে উদ্বোধন কৰে। সন্মিলনত উপস্থিত বিশিষ্ট বক্তাসকলে সংস্কৃত ভাষাৰ ইতিহাস আৰু বৰ্তমান সময়ৰ ইয়াৰ প্ৰাসংগিকতা সম্পর্কে সমবেতসকলক অৱগত কৰে। উল্লেখযোগ্য যে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জনমুখী উপযোগিতাৰ প্ৰয়াসেৰে প্রতি তিনি বছৰৰ অন্তৰ...

May 19, 2024 7:23 PM

views 30

মানকাচৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে কেঁচুসাৰ উৎপাদন আৰু ব্যৱহাৰ বিষয়ক  প্ৰশিক্ষণ কর্মশালা

বাংলাদেশৰ সীমান্তৱৰ্তী মানকাচৰ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেঁচুসাৰ উৎপাদন আৰু ব্যৱহাৰ বিষয়ক এখন প্ৰশিক্ষণ কর্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ পৰিৱেশ সংঘৰ সহযোগত আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত কর্মশালাখনত মহকুমা কৃষি বিষয়াকে ধৰি ভালেকেইজন কৃষি বিশেষজ্ঞ উপস্থিত থাকে। কৌশল আৰু দক্ষতা বিকাশৰ উদ্দেশ্যেৰে আয়োজিত কর্মশালাখনত ছাত্ৰ-ছাত্ৰীসকলক জৈৱিক পদ্ধতিৰে কেঁচুসাৰ প্ৰয়োগ কৰিব পৰা উন্নতমানৰ কৃষিকাৰ্যৰ সন্দৰ্ভত অৱগত কৰা হয়। এই প...

May 18, 2024 10:38 PM

views 24

সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে বিভিন্ন জিলাত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কেতবোৰ কাৰ্যপন্থা গ্ৰহণ

ৰাজ্যৰ বিভিন্ন জিলাত দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আইনৰ অধীনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহে সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে কেতবোৰ কাৰ্যপন্থা হাতত লৈছে। এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছাট্টাৱানে মহানগৰীত ভূমিস্খলন আৰু কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ লগতে দুৰ্যোগৰ সময়ত হোৱা প্ৰাণহানি ৰোধ কৰাৰ বাবে মহানগৰীখনৰ পাহাৰীয়া অঞ্চলসমূহৰ লগতে জলাশয় আৰু নিম্ন অঞ্চলসমূহত বাৰিষাৰ কালছোৱাত খনন কাৰ্য নকৰিবলৈ নিৰ্দেশ দিছে। যোৰহাটতো জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা দুর্যোগ ব্যৱস্থাপনা প্...