April 3, 2024 5:51 PM April 3, 2024 5:51 PM
তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত ‘সাৰথি বাইদেউ’ৰ প্ৰতিকৃতি মুকলি
♦ চলিত লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভঙ্কৰ এটি আজি তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। এই উপলক্ষে দিয়া চমু ভাষণত তেওঁ কয় যে, তিনিচুকীয়া জিলাত যাতে এইবাৰৰ নিৰ্বাচনত এশ শতাংশ ভোটদান নিশ্চিত হয় তাৰবাবে এই সাৰথি বাইদেউ সকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটাধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’- এই শ্লোগান গাঁৱে-ভূঁঞে বিয়পাই দিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-ক...