December 5, 2025 12:08 PM December 5, 2025 12:08 PM

views 10

গোৱালপাৰা জিলাৰ বিভিন্ন অংশত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

● গোৱালপাৰা জিলাৰ বিভিন্ন অংশত যোৱা কেইবাদিনো ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে গৰাইমাৰী অঞ্চলত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত হিতেন ৰাভা নামৰ এজন লোকৰ মৃত্যু হয়। পুৱা ঘৰৰ পৰা ওলোৱাৰ সময়তে এটা বনৰীয়া হাতীয়ে তেওঁক আক্ৰমণ কৰে। পাছত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

December 5, 2025 11:58 AM December 5, 2025 11:58 AM

views 16

অসম বিধানসভাৰ বিধায়ক আৰু সচিবসহ ১০জনীয়া দলৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা ভ্ৰমণ

● অসম বিধানসভাৰ ৬জন বিধায়ক আৰু ৪জন সচিবসহ ১০জনীয়া এটা দলে কালি দক্ষিণ শালমাৰা মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা কৰে। দলটোৱে কালি বিয়লিৰ ভাগত ভাৰত-বাংলাদেশ সীমান্তত চলি থকা খহনীয়া আৰু খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে। বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত অহা দলটোৱে সন্ধিয়া হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও বিভাগৰ সৈতে আলোচনাত মিলিত হয়। সভাত বিভিন্ন বিভাগৰ মুৰব্বী, জিলা প্ৰশাসনৰ বিষয়া আৰু মানকাচৰৰ বিধায়ক আমিনুল...

December 5, 2025 12:11 PM December 5, 2025 12:11 PM

views 12

যোৰহাটৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৩দিনীয়াকৈ আয়োজন

■ যোৰহাট জিলাৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰেপৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্মৃতিগ্ৰন্থ উন্মোচনীৰ লগতে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৪৫ চনত স্থাপিত বিদ্যালয়খনৰ ২০২০ চনত ৭৫ বছৰ সম্পূৰ্ণ হয় যদিও মহাৰৰ্জত জয়ন্তীৰ অনুষ্ঠান কোৱিডকালীন পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল।

December 4, 2025 7:13 PM December 4, 2025 7:13 PM

views 11

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলৰ ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলে আজি ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ দ্বিজমূৰ মিৰিপথাৰ, ডেমগাঁও আৰু বালিখুটি গাঁৱত মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায়ত জৰীপ কৰা হৈছিল যদিও তৃতীয় পর্যায়ত এই লোকসকল ভূমি পট্টা লাভৰ পৰা বঞ্চিত হোৱাত বৃহত্তৰ অঞ্চলটোৰ লোকসকলে প্ৰতিবাদ কৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে চৰকাৰে জৰীপ সম্পন্ন কৰা এই গাঁওকেইখন বৰ্তমান চিমেন চাপৰি আৰু জামজিং সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত হোৱাত গাঁওবাসীয়ে ভূমি পট্টাৰ বাবে আবেদন কৰ...

December 4, 2025 7:07 PM December 4, 2025 7:07 PM

views 7

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত ১৪ দিনীয়া গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত আজিৰে পৰা ১৪ দিনীয়াকৈ গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰতিষ্ঠানটোৱে ধুবুৰীৰ কমেও ৬০ গৰাকী মহিলাক বাচনি কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। কেইবাগৰাকীও সমল ব্যক্তিয়ে এই কাৰ্যসূচীত প্রশিক্ষণ প্ৰদান কৰিছে।

December 3, 2025 11:28 AM December 3, 2025 11:28 AM

views 9

বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ টাই-আহোম উন্নয়ন পৰিষদৰ

● টাই-আহোম উন্নয়ন পৰিষদে শিৱসাগৰ নগৰ সমীপৰ বেতবাৰী মৌজাত থকা আহোম ৰাজত্ব কালৰ বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে পৰহি মৈদামৰ চাৰিওকাষে নিৰ্মাণ কৰিবলগীয়া দেৱালৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্রী পীযূষ হাজৰিকাই প্ৰায় ৪৫ লাখ টকা পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই দেৱালখনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে টাই-আহোম উন্নয়ন পৰিষদৰ পুঁজিৰে এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ'ব।

December 3, 2025 11:19 AM December 3, 2025 11:19 AM

views 57

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন

● শীতৰ আলহী হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। সত্ৰ-সংস্কৃতিৰ পীঠস্থান মাজুলীত ব্ৰহ্মপুত্ৰৰ বালিচৰসমূহৰ লগতে বিভিন্ন নৈ আৰু জলাশয়সমূহত নানান প্ৰজাতিৰ চৰাইয়ে পর্যটকসকলক আকৰ্ষণ কৰিছে। মাজুলীৰ চৰাইচোঙত অহা ৭ ডিচেম্বৰৰ পৰা চৰাইচোং মহোৎসৱ উদযাপন কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতি কাষৰীয়া গাঁওসমূহৰ বিল, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ চৰাইয়ে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে...

December 3, 2025 12:07 PM December 3, 2025 12:07 PM

views 9

আলফা স্বাধীনৰ ২ সদস্যৰ ডিব্ৰুগড়ত অস্ত্ৰ সম্বৰণ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ দুজন সদস্যই কালি ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ অধীক্ষক অভিজিত গৌৰৱ দিলীপৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে। আলফা সদস্য দুজন অস্তিত্ব অসম আৰু বন অসম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান দুয়োকে জেৰা কৰি আছে।

December 3, 2025 12:00 PM December 3, 2025 12:00 PM

views 6

অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ’ব

■ ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধেমাজি চিটী কলেজ শাখা সাহিত্য সভাৰ সৌজন্যত মহাবিদ্যালয়খনত অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত জিলাখনৰ সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা আৰু প্ৰশাসনীয় দিশলৈ অনবদ্য অৱদান আগবঢ়োৱা ৬০ বছৰ ঊৰ্ধৰ দুগৰাকী বিশিষ্ট ব্যক্তিক ধেমাজি ৰত্ন বঁটা আৰু ৪০ বছৰ ঊৰ্ধৰ দুগৰাকী ব্যক্তিক ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰা হ'ব।

December 1, 2025 10:41 AM December 1, 2025 10:41 AM

views 16

মাজুলীৰ চিৰাম দেউৰী গাঁৱত জননেতা ভীমবৰ দেউৰী দিৱস পালন

● দেউৰী পিপলছ জাষ্টিচ ফৰাম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মাজুলী জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে কালি মাজুলীৰ চিৰাম দেউৰী গাঁৱত জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ টেমছ পঙটেকলৈ ২০২৫ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা আগবঢ়োৱা হয়। লখিমপুৰৰ গোবিন্দ বিশ্বকৰ্মাক ভীমবৰ দেউৰী যুৱ বঁটা, গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী লক্ষেশ্বৰ বৰাক ভীমবৰ দেউৰী সমন্বয় বঁটা আৰু অৰুণাচলৰ উদ্যোগপতি কাকু ইজাত টামিনলৈ যুৱ উদ্যোগী বঁটা প্ৰদান কৰা হয়। জননেতা ভীমবৰ দেউৰী বঁটা গ্ৰহণ কৰি অৰ...