November 2, 2024 7:31 PM

views 19

গোসাইগাঁৱৰ কচুগাওঁ থানাৰ টাকামপুৰত আৰক্ষী আৰু এছ এছ বিৰ যৌথ অভিযানত ২ টা বন্দুক উদ্ধাৰ

গোসাইগাওঁ মহকুমাৰ কচুগাওঁ থানাৰ টাকামপুৰত আৰক্ষী আৰু এছ এছ বিয়ে যৌথ অভিযান চলাই দুটা বন্দুক উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে কচুগাওঁ থানাৰ অন্তৰ্গত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ টাকামপুৰৰ হাবিৰ মাজত চোৰাংচোৱাই দুৰ্বৃত্তই এই অস্ত্র শস্ত্ৰ খিনি লুকাই ৰখাৰ তথ্য লাভ কৰাৰ পাছতেই এই অভিযান চলোৱা হয়। ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই যদিও তদন্ত অব্যাহত আছে।

October 26, 2024 6:55 PM

views 20

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা

গোলাঘাট জিলাৰ গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। অহা ২৫ নৱেম্বৰত এমেচাৰ থিয়েটাৰ ছ'চাইটীৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাসমূহ প্ৰদান কৰা হ'ব।

October 9, 2024 7:13 PM

views 20

গোলাঘাট জিলাত আবকাৰী দলৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ কেইবাটাও স্থানত আবকাৰীৰ দলে অভিযান চলাই অবৈধ সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে। অভিযানৰ সময়ছোৱাত আবকাৰী বিভাগে কেইবাজনো লোকৰ বিৰুদ্ধে ১০টা গোচৰ ৰুজু কৰিছে।

October 5, 2024 9:30 AM

views 26

গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ ভিন্ন কার্যসূচী

গোলাঘাট জিলাত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হ'ব। গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনে কেইবাটাও কার্যসূচী গ্ৰহণ কৰিছে। আজি পুৱা গোলাঘাট জিলাৰ আৱতৰ্ভৱন চৌহদত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্যসূচীত বিত্তমন্ত্রী অজন্তা নেওগে অংশগ্ৰহণ কৰে। জিলা দিৱস উপলক্ষে প্ৰাচীৰ পত্রিকা উদ্বোধন কৰাৰ লগতে আৱৰ্ত ভৱন চৌহদত গ্রন্থদান কার্যসূচী অনুষ্ঠিত হয়। এই দিৱস উপলক্ষে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে জিলাখনৰ প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিভাগীয় আঁচনি সন্দৰ্ভত জনসচেতনতা সভাৰো আয়োজন কৰা হ...

October 4, 2024 11:35 AM

views 15

নিযুত ম‍ইনা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

যোৰহাট জিলাৰ নিযুত ম‍ইনা আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰৰ পৰা প্ৰায় ৫৮খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক ৬ টা ভিন্ন স্থানত ডি ডি বিতৰণ কৰা হ'ব। জিলা আয়ুক্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তকে ধৰি শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ আৰু জিলাখনৰ প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে।

October 4, 2024 11:17 AM

views 22

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বন্যপ্রাণী সপ্তাহ ২০২৪ৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠান

■ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বন্যপ্রাণী সপ্তাহ ২০২৪ উদযাপনৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে কালি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৰ বিজ্ঞানী, বিষয়া আৰু অন্যান্য সহায়ক-কৰ্মচাৰীসকলে কালি পুৱা পক্ষী নিৰীক্ষণ কৰে। তেওঁলোকে প্রতিষ্ঠানটোৰ চৌহদত প্রায় ২৯টা বিভিন্ন প্ৰজাতিৰ চৰাই প্ৰত্যক্ষ কৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানটোৰ বিষয়া- কৰ্মচাৰীসকলৰ মাজত কুইজ প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতা আদিও অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি বেচৰক...

October 4, 2024 11:14 AM

views 35

ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ

চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে কালি অন্ধবিশ্বাসৰ কবলত পৰি ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ জন অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় প্ৰদান কৰে। জিলাখনৰ ভাৰত-ভূটান এলেকাৰ দশিনগাঁৱৰ এজন নিৰীহ লোকক ডাইনী সন্দেহত হত্যা কৰাৰ অপৰাধত দুগৰাকী মহিলাসহ মুঠ ছজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।

October 2, 2024 9:51 AM

views 18

গান্ধী জয়ন্তী উপলক্ষে যোৰহাট জিলাত মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধৰ আহ্বান আয়ুক্তৰ

● গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধ কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ অংশ হিচাপে যোৰহাট জিলা আয়ুক্তইও জিলাখনত আজি এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। আয়ুক্তগৰাকীয়ে আজিৰ দিনটোত জিলাখনৰ সকলো মাংসৰ দোকান আৰু বধশালাসমূহ বন্ধ ৰখাৰ লগতে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনাইছে।

September 14, 2024 11:07 AM

views 14

ঢেকীয়াজুলিত লোকনায়ক অমিয় কুমাৰ দাসৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা তথ্যচিত্র উন্মোচন

■ ধ্বনি লোককৃষ্টি সমাজৰ উদ্যোগত কালি ঢেকীয়াজুলি নগৰৰ বিহু ভৱনত লোকনায়ক অমিয় কুমাৰ দাসৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা এখন তথ্যচিত্র উন্মোচন কৰা হয়। তথ্যচিত্ৰখনৰ জৰিয়তে দেশ আৰু ঢেকিয়াজুলিৰ প্ৰতি স্বাধীনতা সংগ্ৰামী, ৰাজনৈতিক নেতা অমিয় কুমাৰ দাসৰ অৱদানৰ বিবৰণ দাঙি ধৰা হৈছে । উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে সমাজ সংস্কাৰক আৰু সংগঠক ৰমেশ বৰুৱাই ভাষণ আগবঢ়ায়। অনুষ্ঠানত ড০ শুকদেৱ অধিকাৰী, ড০ হৰিপ্ৰসাদ বৰুৱা, পল্লবী বৰুৱা, নৰেন হালৈ আৰু ঈশ্বৰ গোপালকৃষ্ণ ৰাভা আদিকে ধৰি গণ্যমান্য বহুতো লোক উপস্থিত ...

September 13, 2024 8:56 PM

views 22

মঙলদৈ মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্রাক্তন সাংবাদিক ড° জামালুদ্দিন আহমেদৰ মৃত্যু

মঙলদৈ মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্রাক্তন সাংবাদিক মঙলদৈৰ ২ নম্বৰ ৱাৰ্ড নিৱাসী ড° জামালুদ্দিন আহমেদৰ আজি এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। ড° আহমেদৰ মৃত্যুত সাংবাদিক সংগঠন মঙলদৈ মিডিয়া চাৰ্কোলৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।