March 27, 2025 12:03 PM

views 35

হোজাই জিলাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্রতিনিধি দলৰ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন

■ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটা প্রতিনিধি দলে কালি হোজাই জিলাত উপস্থিত হৈ জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এখন পর্যালোচনা সভাত মিলিত হয়।

March 19, 2025 7:37 PM

views 16

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠক

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত সপ্তম অসম বিত্ত আয়োগে আজি ডিব্ৰুগড়ত জিলাখনৰ স্থানীয় নিকায়, পৌৰ নিগম, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত আয়োগে ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২০২৪ বিত্তীয় বৰ্ষলৈকে জিলাখনত সংশ্লিষ্ট নিকায় আৰু বিভাগসমূহৰ আয়-ব্যয়ৰ খতিয়ান লয়। আজিৰ বৈঠকত নগৰ নিগম আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহে ৰাজহ বৃদ্ধিৰ লগতে সেৱাৰ মান উন্নত কৰিবলৈ নিকায়সমূহক বিত্ত আয়োগে পৰামৰ্শ আগবঢ়ায়। ...

March 19, 2025 7:23 PM

views 20

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনা বঁটা প্ৰদান

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক আজি শিৱসাগৰ জিলাৰ বৰ্ডিং খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। মিচিং আগম কেবাঙে শ্ৰী পাদুনৰ দীৰ্ঘকালীন সাধনা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়ায়। শিৱসাগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা বিদ্বানগৰাকীয়ে কেৱল বিদ্যায়তনিক ক্ষেত্ৰতে নহয়, বৰং জাতীয় বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনলৈ অমূল্য অৱদান আগবঢ়াই আহিছে। অনুষ্ঠানত সাহিত্যিক, শিক্ষাবিদগৰাকীৰ জীৱন আৰু কৰ্মক সামৰি এখন অভিনন্দন গ্রন্থ উন্...

March 18, 2025 9:11 PM

views 16

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নিয়োগ কৰা মাণ্ডলিক বিষয়া আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে আজি গোৱালপাৰা জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়া খনীন্দ্ৰ চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত বিষয়াসকলৰ পৰা ভোটগ্রহণ কেন্দ্ৰসমূহৰ বিষয়ে বুজ লোৱা হয়। এই বৈঠকত নিৰ্বাচনৰ বাবে অহা পৰ্যবেক্ষক ৰঞ্জিত কুমাৰ লস্কৰ আৰু ত্ৰিপুৰেন্দ্ৰ পাৰ্টৰ উপস্থিত থাকে। উল্লেখযোগ্য যে এই নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা ...

March 11, 2025 8:56 PM

views 22

দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন

সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰত পৰহিলৈৰ পৰা ৪ দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ গোন্ধ যাত্ৰা, ১৪ আৰু ১৫ মাৰ্চত ভৰ দৌল আৰু ১৬ মাৰ্চত সত্ৰ চৌহদত সুঁৱেৰি বা ফাকুৱা উদযাপন কৰা হ'ব। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত পৰহিলৈৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পূব শৰণীয়াৰ শ্ৰীমন্ত নামঘৰৰ কলাকৃষ্...

March 11, 2025 8:40 PM

views 20

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ হত্যাৰ অভিযোগত দোষী সাব্যস্ত ৪ জনক যাৱজ্জীৱন কাৰাদণ্ড

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক ৰায়দানৰ জৰিয়তে হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰি ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে। নজৰুল ইছলাম নামৰ এজন লোকক হত্যা কৰাৰ অপৰাধত আজিমুদ্দিন, আমিদুল ইচলাম, ৰহিম বাদশ্বাহ আৰু আব্দুল গণিক এই শাস্তি বিহা হয়। সৰ্থেবাৰী আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে গোটৰ ৰুজু কৰিছিল। কেইবালানি শুনানিৰ অন্তত আজি আদালতে গোচৰটোৰ ৰায় প্ৰদান কৰে।

March 7, 2025 8:51 PM

views 14

পশ্চিম কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বৰককত ২ হাজাৰ লোকক ভূমিপট্টা প্ৰদান

পশ্চিম কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বৰককত আজি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্রভাত চন্দ্ৰ তাৰোৱে ২ হাজাৰ লোকক ভূমিপট্টা প্ৰদান কৰে। পৰিষদৰ এক নম্বৰ দুৱাৰআমলা পৰিষদীয় সমষ্টিত ইতিমধ্যে ৪ হাজাৰ লোকক ভূমি পট্টা প্ৰদান কৰা হৈছে। পৰৱৰ্তীয় পৰ্যায়তো ৪ হাজাৰৰো অধিক লোকক ভূমিপট্টা প্ৰদান কৰা হ'ব বুলি কৰ্যবাহী সদস্যগৰাকীয়ে প্ৰকাশ কৰে।

March 7, 2025 8:30 PM

views 34

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈ সন্মানীয় গোপাল আতা বঁটা বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰৰ

বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈ সন্মানীয় গোপাল আতা বঁটা আগবঢ়াইছে। আজি এখন সংবাদমেলযোগে এই কথা সদৰি কৰি সত্ৰ পৰিচালনা সমিতিয়ে কয়, যে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা গুৰুত্বৰ বাবেই তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও সমিতিয়ে প্ৰকাশ কৰে। সমাগত দৌল উৎসৱৰ সময়ছোৱাত অহা ১৪ বা ১৫ মাৰ্চত মুখ্যমন্ত্ৰী ড° শৰ্মাই সত্ৰলৈ আহি নিজ হাতে এই বঁটা গ্ৰহণ কৰিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জানিবলৈ ...

March 7, 2025 8:28 PM

views 19

ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত সপ্তাহজোৰা ছাত্ৰীসকলৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষৰ উদ্যোগত আয়োজিত সপ্তাহজোৰা ছাত্ৰীসকলৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। মহাবিদ্যালয়খনৰ ৮০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত ছাত্ৰীসকলক আত্মৰক্ষাৰ বিভিন্ন কৌশল শিকোৱা হয় । আজি মহাবিদ্যালয়খনৰ মুকলি মঞ্চত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

March 7, 2025 8:26 PM

views 21

এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন

  চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন কৰা হয়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত চিৰাং জিলাৰ আয়ুক্ত যতীন বৰা, বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক ফণিধৰ ব্ৰহ্মসহ অন্যান্য বিষয়াসকল উপস্থিত থাকে। ইপিনে, জিলা কৃষি বিভাগৰ কাৰ্যালয় চৌহদত কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)ৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যো...