June 3, 2025 8:06 PM

views 23

অসিৎপুৰ চাহ বাগিচাত বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ অসিৎপুৰ চাহ বাগিচাত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নেতা-কৰ্মীসকলৰ উপৰি ভালেসংখ্যক চাহ শ্রমিকে অংশগ্রহণ কৰে। সংগঠনটোৱে টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ বাগিচাখনৰ সমস্যা সমাধানৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

June 3, 2025 7:45 PM

views 11

বাক্সাৰ শালবাৰীত সমষ্টিটোৰ পাৰিষদ জয় মুছাহাৰীৰ দুটা পথৰ আধাৰশিলা

বাক্সা জিলাৰ শালবাৰীত আজি সমষ্টিটোৰ পাৰিষদ জয় মুছাহাৰীয়ে দুটা পথৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ Good will আঁচনিৰ অধীনত এই পথ দুটা শালবাৰী পৰিষদীয় সমষ্টিৰ গোৱৰ্ধনা আনন্দবজাৰ গড়কাপ্টানী পথৰ পৰা কৈমাৰীলৈ আৰু মৈৰাজাৰ চ'কৰ পৰা মৈৰাজাৰ গাঁৱলৈ নিৰ্মাণ কৰা হ'ব। পথ দুটা নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে ইতিমধ্যে ৪ কোটি টকা আবণ্টন দিছে।

June 3, 2025 7:41 PM

views 23

দীপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী আৰু এটা কাৰ্যকালৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

দীপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী আৰু এটা কাৰ্যকালৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আজি কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জাওলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিনিধি সভাত সংগঠনটোৰ নতুন কেন্দ্রীয় সমিতিখন নিৰ্বাচন কৰা হয়।

June 2, 2025 9:09 PM

views 32

বজালীত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী

বজালী জিলাত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। বজালীৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আয়োজন কৰা এই সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে আজি পাটাছাৰকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত পোষ্টাৰ অংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত সমল ব্যক্তিসকলে মাদক দ্ৰব্যৰ কুপ্ৰভাৱ আৰু এনে দ্ৰব্য সেৱনৰ পৰা আঁতৰত থাকিব পৰা উপায় সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক অৱগত ...

May 29, 2025 7:58 PM

views 22

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত দংৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। বহৰি, বাঘবৰ সংযোগী মথাউৰিটোত বিগত এমাহ ধৰি হোৱা খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰাত জিলাখনৰ বৃহৎ অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জল সম্পদ বিভাগৰ বৰপেটা সংমণ্ডলে জৰুৰীকালীন বপ্যৱস্থাৰ অংশ হিচাপে খহনীয়া অব্যাহত থকা অংশত জিঅ' বেগ সংস্থাপন কৰি প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিবলৈ তৎপৰতা অব্যাহত ৰাখিছে...

May 29, 2025 7:04 PM

views 31

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত আজি ৪০০ৰো অধিক কৃষকৰ উপস্থিতিত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কৃষক, কৃষি বিজ্ঞানী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগকে ধৰি বিভিন্...

May 29, 2025 6:58 PM

views 29

ওদালগুৰিৰ ২ নম্বৰ সাতঘৰীয়া গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু

ওদালগুৰি জিলাৰ ২ নম্বৰ সাতঘৰীয়া গাঁৱত আজি পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে হাতীগড় আৰু মাজুলী চাহ বাগিচাত আশ্ৰয় লৈ পুৱতি নিশা গাঁৱত প্ৰৱেশ কৰে। হাতীৰ গচকত ফুগ্নী মুণ্ডা নামৰ মহিলাগৰাকীৰ মৃত্যু হয় বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।

May 27, 2025 11:47 AM

views 22

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা

● যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ভাৰতীয় বন সেৱা বিষয়াৰ পৰিবেশ তন্ত্র স্বাস্থ্য পত্ৰ প্ৰস্তুতকৰণ শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰিছে। পৰিবেশ, বন আক জলবায়ু পৰিৱর্তন মন্ত্ৰালয়ৰ অর্থসাহায্যত অনুষ্ঠিত এই কৰ্মশালাত দেশৰ ৭ খন ৰাজ্যৰ ১০ গৰাকী উচ্চ পদস্থ বিষয়াই অংশগ্রহণ কৰিছে। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী তথা পাঠ্যক্ৰম সঞ্চালক ৰাজীৱ কুমাৰ কলিতাৰ দ্বাৰা পৰিচালিত এই প্রশিক্ষণত পৰিবেশ তন্ত্ৰ সেৱা, জীৱিকা আৰু পৰিবেশতন্ত্র স্বাস্থ্...

May 22, 2025 3:40 PM

views 30

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। উখৰুলত চলি থকা শ্বিৰই লিলি উৎসৱত ভাগ ল'বলৈ যোৱা ৰাজ্যিক জনসংযোগ বিভাগৰ এখন বাছৰ যাত্ৰীসকলৰ প্ৰতি সেনা বাহিনীৰ লোকে অৱজ্ঞাসূচক আচৰণ কৰাৰ প্ৰতিবাদত এই ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান দিয়া হৈছে। আমাৰ ইম্ফলৰ সংবাদদাতাই জনোৱা মতে ২০ গৰাকী সংবাদকর্মী আৰু মণিপুৰ চৰকাৰৰ জনসংযোগ বিষয়াৰ এটা দল মণিপুৰ ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছেৰে উখৰুললৈ গৈ থকা অৱস্থাত ইম্ফল পূব জিলাৰ গোৱালতাবিত থকা তালাচী চক...

May 21, 2025 6:53 PM

views 22

বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে কর্মশালা অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আজি বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে এখন কর্মশালা অনুষ্ঠিত হয়। বৰপেটা ৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত কর্মশালাখনত এনে উদ্যোগৰ লগতে ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে জড়িত প্রায় ৪০০ প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সৈতে জড়িত সকলক তেওঁলোকৰ ব্যৱসায়ৰ পৰা সৰ্বোচ্চ লাভ কি দৰে কৰিব পাৰি, সামগ্ৰীৰ বিপণন আৰু বিক্ৰীৰ বাবে চৰকাৰে কেনে...