August 18, 2025 9:25 PM

views 35

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত

আজি পহিলা ভাদ। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ দুজনাৰ পূণ্য তিথি পালন কৰা এই পবিত্ৰ মাহটোত হৰিনামৰ ধ্বনিয়ে আধ্যাত্মিক চিন্তা-চেতনাৰে আমাৰ উজ্জীৱিত কৰি ৰাখে বুলি মন্তব্য কৰে। ড০ শৰ্মাই পহিলা ভাদৰ দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা যাঁচি অসমীয়া সমাজৰ শান্তি-সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ কামনা কৰে। অসমীয়া বৈষ...

August 17, 2025 7:35 PM

views 28

ভূমিৰ চৰকাৰী জৰীপ নোহোৱা বিশ্বনাথৰ জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ

■ বিশ্বনাথ জিলা প্রশাসনে আজি ভূমিৰ চৰকাৰী জৰীপ নোহোৱা জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ চলাইছে। যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ প্ৰশাসনে কালি মাইক যোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰিছিল। উচ্ছেদ অভিযানত ২০ খন বুলড'জাৰ, ১০ খন ট্ৰেক্টৰ আৰু ২০ খন সৰু-বৰ বাহন ব্যৱহাৰ কৰা হৈছে। যিকোনো অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে অঞ্চলটোত আৰক্ষী-নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। উচ্ছেদ অভিযানৰ বাবে ...

August 17, 2025 7:30 PM

views 17

গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত ৰাজ্য চৰকাৰৰ অনুমোদন

● অধিক দক্ষতাৰে ৰাজ্যৰ উন্নয়নৰ গতি আগুৱাই নিয়াৰ উদ্দেশ্যেৰে চৰকাৰে গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত অনুমোদন জনাইছে। গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত ৩২৮ বর্গ কিলোমিটাৰ এলেকাত জৰীপ কৰা হ'ব। আনহাতে কাছাৰ জিলাৰ সোণাই জলসিঞ্চন প্ৰকল্পৰ ১৪৭ বর্গ কিলোমিটাৰ অঞ্চল এই জৰীপৰ জৰিয়তে সামৰি লোৱা হ'ব। এই জৰীপ ব্যৱস্থাৰে নগৰীয়া সম্পত্তি ব্যৱস্থা আৰু স্মাৰ্ট চিটি প্রশাসন সুনিশ্চিত হ'ব। ভৱিষ্যতৰ গুৱাহাটীৰ বাবে আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু কা...

August 17, 2025 7:26 PM

views 19

উৰিয়ামঘাটৰ একাংশ উচ্ছেদিত লোকে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান কৰা অভিযোগৰ স্পষ্টীকৰণ নগাঁও জিলা আয়ুক্তৰ

● নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰি শেহতীয়াকৈ উৰিয়ামঘাটৰ একাংশ উচ্ছেদিত লোকে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত কেতবোৰ স্পষ্টীকৰণ দাঙি ধৰে। আয়ুক্তগৰাকীয়ে কয়, যে যি সকল লোকৰ মাটিৰ কোনো বৈধ নথি পত্ৰ নাই অথবা চৰকাৰী ভূমিত বাস কৰি আছে সেইসকল লোকক চৰকাৰে এদিন উচ্ছেদ কৰি চৰকাৰী ভূমি দখলমুক্ত কৰিবই। এচাম লোকে বহু ঠাইত মাটি থকাৰ পাছতো চৰকাৰী মাটি দেখা পালে দখল কৰাৰ চেষ্টা চলায়। জিলা আয়ুক্তগৰাকীয়ে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সেইসকল লোকক সকীয়াই...

August 16, 2025 7:50 PM

views 17

ৰাজ্যৰ বিভিন্ন অংশত শোক দিৱস পালন

ধেমাজিত ২০০৪ চনৰ ১৫ আগষ্টত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা ১৩টি শিশুক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন অংশত আজি শোক দিৱস পালন কৰা হৈছে। গুৱাহাটী অৱস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ডিব্ৰুগড়, কাৰ্বি আংলং, বৰপেটা আদি বিভিন্ন জিলাত এই শোক দিৱসৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাহিলীপাৰাৰ মুখ্য কাৰ্যালয়ত আয়োজিত আজিৰ শোক দিৱসৰ অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিং, আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিং, বিবেকৰাজ সিং আৰু প্ৰশান্ত ভূঞাৰ লগতে আন বহুকেইগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া আৰু ...

August 11, 2025 12:06 PM

views 15

তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ সামৰণি

● যোৱা ৩ আগষ্টৰ পৰা অনুষ্ঠিত তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ কালি সামৰণি পৰে। সামৰণিৰ দিনা কালি বিশেষ ধর্মালোচনা সভা অনুষ্ঠিত হয়। জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত বৰালীমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই কয়, যে গুৰুজনাই সত্ৰ নামঘৰ পৰিচালনাৰ লগতে শৰন-ভজনৰো ব্যৱস্থা কৰিছিল। ধৰ্মান্তকৰণ সন্দৰ্ভত ডেকা সত্ৰাধিকাৰগৰাকীয়ে কয়, যে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজখনত বিভাজনৰ পৰিৱৰ্তে জাত-পাত, অস্পৃশ্যতা আদি পৰিহাৰ কৰা উচিত। এই সভাতে তেজপুৰৰ লগতে দাঁতিকাষৰীয...

August 11, 2025 12:03 PM

views 29

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

● অসম আৰক্ষীয়ে মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ গৌৰীপুৰত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্রব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰ বালাজান দ্বিতীয় খণ্ড গাঁৱত মাদকদ্রব্য বিক্ৰী কৰি থকাৰ সময়তে অঞ্চলটোৰ লোকে সৰবৰাহকাৰীকেইজনক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱককেইজন লালকুৰাৰ জাকিৰুল হক, বালাজানৰ ছফিকুল হক আৰু আবু তালেব শ্বেইখ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে যুৱককেইজনৰ পৰা মাদকদ্ৰব্য ভৰ্তি ছটা কণ্টেইনাৰ আৰু দুটা ম'বাইল ফোন জব্দ কৰে। ইপিনে, কাছাৰ জিলা আৰক্ষীয়ে শিলচৰ চহৰত ...

August 11, 2025 12:00 PM

views 15

স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা

● সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত কালি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লয়। ডিব্ৰুগড় জিলাতো কালি মন্ত্রী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত বহুসংখ্যক লোকে দেশপ্রেমমূল...

August 8, 2025 10:25 AM

views 25

মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

■ গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত উচ্ছেদ চলাব। জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিলত প্রায় ৩০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে গোলাঘাট জিলা বন বিভাগে ড্ৰোণৰ সহায়ত মেৰাপানীৰ নগা পাহাৰৰ দাঁতিত ২ নম্বৰ নেঘেৰিবিল গাঁৱত সন্দেহজনক লোকৰ বসতিপ্রধান অঞ্চলটোৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে বন বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোত উপস্থিত হৈ ঘৰে ঘৰে গৈ জৰীপ আৰু তথ্য সংগ্ৰহ...

August 4, 2025 8:08 PM

views 34

নগাঁৱৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ ২১ বছৰীয়া ছনায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।