October 8, 2025 6:57 PM

views 53

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। নগৰখনৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কছাৰীঘাটৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। এই খহনীয়াই নগৰখনৰ জগাৰ্ছ পার্ককে ধৰি নদীকাষৰীয়া ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই অনাত জনসাধাৰণ আতংকিত হৈ পৰিছে। আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই খহনীয়াৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কালি নিশা...

October 7, 2025 12:37 PM

views 33

ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন

● অসম ৰাজ্যিক টি এন এ আইৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত কালিৰে পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সাংবাদিক নিতুমণি শ‍ইকীয়াই অংশগ্ৰহণ কৰে। সন্মিলনত নাৰ্চসকলৰ স্বাৰ্থৰ পোষকতা কৰাৰ ওপৰত আলোচনা কৰা হয়। এই সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তত শক্ষিা গ্ৰহণ কৰি থকা হাজাৰৰো অধিক পঞ্জীয়নভুক্ত পেচাদাৰী নাৰ্চৰ প্ৰতিনিধি উপস্থিত থাকে।

October 1, 2025 9:00 PM

views 32

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা প্রশাসনৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি জিলা প্রশাসনে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। ১৯৮৯ চনৰ ১ অক্টোবৰত ধেমাজিক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল। জিলাখনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা তথা মহাবিদ্যালয় পৰ্যায়ত যোগাসন আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগতামূলক বাটৰ নাট আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা ...

September 26, 2025 12:51 PM

views 34

জোনাইত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

■ জোনাই থানাৰ অন্তৰ্গত বেৰাচাপৰিৰ তাৰি নেপালী বস্তিত কালি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱায়। স্থানীয় লোকৰ উদ্ধৃতিৰে আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে মহেন্দ্ৰ দাস নামৰ ৬৫ বছৰ বয়সীয়া লোকজন পুৱা প্ৰায় ৪ বজাত বিলত মাছ ধৰিবলৈ যোৱা অৱস্থাত পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী এটাক দেখি পলাবলৈ চেষ্টা কৰোতে হাতীটোৱে অতর্কিতে আক্ৰমণ কৰাৰ ফলত লোকজনে থিতাতে প্রাণ হেৰুৱায়। পাছত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰে।

September 22, 2025 8:17 PM

views 34

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি বঙাইগাঁৱত যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি আজি বঙাইগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা দিয়া হয়। প্ৰতিটো বিধানসভা সমষ্টিৰ এশজন যক্ষ্মা ৰোগীক, নিক্ষয়মিত্ৰই এই খাদ্যৰ টোপোলা বিতৰণ কৰে। বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত এই খাদ্যৰ টোপোলা প্ৰদান অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠক উপস্থিত থাকে। অনুষ্ঠানটি প্রয়াত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হয়। তিনিচুকীয়া জিলাতো আজি সেৱা সপ্তাহৰ অং...

September 19, 2025 8:07 PM

views 22

সেৱা পৰ্বৰ অংশ হিচাপে বৰপেটাত শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ

সেৱা পৰ্বৰ অংশ হিচাপে বৰপেটা জিলাত আজি শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ প্ৰায় ৬০০ শিক্ষানুষ্ঠানৰ ৪৫ হাজাৰ গছপুলি ৰোপণ কৰা হ'ব। অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতে আজি তিনিখন শিক্ষানুষ্ঠানত এই কাৰ্যসূচী আৰম্ভ কৰে।

September 16, 2025 7:46 PM

views 18

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ অব্যাহত

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ আজিও অব্যাহত আছে। মৰাণ জনসাধাৰণে তিনিচুকীয়াত কালিৰে পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীত ৬ টা মৰাণ জাতীয় সংগঠনে অংশগ্ৰহণ কৰিছে। জিলাখনৰ পৰা তেল, কয়লা, গেছ, কাঠ আদি বনজ আৰু খনিজ সম্পদৰ বৰ্হি নিগমনৰ ক্ষেত্ৰত জনগোষ্ঠীটোৱে বাধা প্ৰদান কৰিছে। মাকুম, ডিগবৈ, কাকপথাৰ আদি ঠাইত অৱৰোধ কৰাত এনে সামগ্ৰী কঢ়িয়াই নিয়া শ-শ বাহন আৱদ্ধ হৈ পৰিছে। অৱৰোধ কাৰ্যসূচীৰ সমান...

September 16, 2025 6:55 PM

views 21

যোৰহাট ছুইমিং ছ’ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ দেহাৱসান

যোৰহাট ছুইমিং ছ'ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ। হাজৰিকাৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ পৰিছে।

September 11, 2025 12:43 PM

views 29

গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ

■ গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। জলেশ্বৰৰ ফেৰীঘাট এলেকাত খহনীয়াৰ ফলত জলেশ্বৰ বজাৰৰ লগতে জলেশ্বৰ আৰক্ষী চকী, আদৰ্শ চিকিৎসালয় আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে কালি যন্ত্রচালিত নাৱেৰে খহনীয়াৰ পৰিদৰ্শন কৰে। তেওঁ জলসম্পদ বিভাগৰ কৰ্মচাৰী বিষয়াসকলক আজিৰেপৰা স্পৰ্শকাতৰ এলেকাসমূহত জিঅ' বেগৰ জৰিয়তে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

September 9, 2025 3:24 PM

views 28

বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস সোমবাৰে উদযাপন

■ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস কালি উদযাপন কৰা হয়। ২০১৬ চনৰ কালিৰ দিনটোতে মাজুলীক জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল। জিলা দিৱস উপলক্ষে গড়মূৰ খোনাচুকৰ মাধৱদেৱ কৃষ্টি সংঘত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উদ্যোগত আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সহযোগত যোৱানিশা এখন ভাওনা প্ৰদৰ্শন কৰা হয় ৷