August 17, 2025 7:26 PM August 17, 2025 7:26 PM

views 7

উৰিয়ামঘাটৰ একাংশ উচ্ছেদিত লোকে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান কৰা অভিযোগৰ স্পষ্টীকৰণ নগাঁও জিলা আয়ুক্তৰ

● নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰি শেহতীয়াকৈ উৰিয়ামঘাটৰ একাংশ উচ্ছেদিত লোকে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত কেতবোৰ স্পষ্টীকৰণ দাঙি ধৰে। আয়ুক্তগৰাকীয়ে কয়, যে যি সকল লোকৰ মাটিৰ কোনো বৈধ নথি পত্ৰ নাই অথবা চৰকাৰী ভূমিত বাস কৰি আছে সেইসকল লোকক চৰকাৰে এদিন উচ্ছেদ কৰি চৰকাৰী ভূমি দখলমুক্ত কৰিবই। এচাম লোকে বহু ঠাইত মাটি থকাৰ পাছতো চৰকাৰী মাটি দেখা পালে দখল কৰাৰ চেষ্টা চলায়। জিলা আয়ুক্তগৰাকীয়ে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সেইসকল লোকক সকীয়াই...

August 16, 2025 7:50 PM August 16, 2025 7:50 PM

views 3

ৰাজ্যৰ বিভিন্ন অংশত শোক দিৱস পালন

ধেমাজিত ২০০৪ চনৰ ১৫ আগষ্টত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা ১৩টি শিশুক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন অংশত আজি শোক দিৱস পালন কৰা হৈছে। গুৱাহাটী অৱস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ডিব্ৰুগড়, কাৰ্বি আংলং, বৰপেটা আদি বিভিন্ন জিলাত এই শোক দিৱসৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাহিলীপাৰাৰ মুখ্য কাৰ্যালয়ত আয়োজিত আজিৰ শোক দিৱসৰ অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিং, আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিং, বিবেকৰাজ সিং আৰু প্ৰশান্ত ভূঞাৰ লগতে আন বহুকেইগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া আৰু ...

August 11, 2025 12:06 PM August 11, 2025 12:06 PM

views 3

তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ সামৰণি

● যোৱা ৩ আগষ্টৰ পৰা অনুষ্ঠিত তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ কালি সামৰণি পৰে। সামৰণিৰ দিনা কালি বিশেষ ধর্মালোচনা সভা অনুষ্ঠিত হয়। জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত বৰালীমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই কয়, যে গুৰুজনাই সত্ৰ নামঘৰ পৰিচালনাৰ লগতে শৰন-ভজনৰো ব্যৱস্থা কৰিছিল। ধৰ্মান্তকৰণ সন্দৰ্ভত ডেকা সত্ৰাধিকাৰগৰাকীয়ে কয়, যে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজখনত বিভাজনৰ পৰিৱৰ্তে জাত-পাত, অস্পৃশ্যতা আদি পৰিহাৰ কৰা উচিত। এই সভাতে তেজপুৰৰ লগতে দাঁতিকাষৰীয...

August 11, 2025 12:03 PM August 11, 2025 12:03 PM

views 19

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

● অসম আৰক্ষীয়ে মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ গৌৰীপুৰত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্রব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰ বালাজান দ্বিতীয় খণ্ড গাঁৱত মাদকদ্রব্য বিক্ৰী কৰি থকাৰ সময়তে অঞ্চলটোৰ লোকে সৰবৰাহকাৰীকেইজনক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱককেইজন লালকুৰাৰ জাকিৰুল হক, বালাজানৰ ছফিকুল হক আৰু আবু তালেব শ্বেইখ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে যুৱককেইজনৰ পৰা মাদকদ্ৰব্য ভৰ্তি ছটা কণ্টেইনাৰ আৰু দুটা ম'বাইল ফোন জব্দ কৰে। ইপিনে, কাছাৰ জিলা আৰক্ষীয়ে শিলচৰ চহৰত ...

August 11, 2025 12:00 PM August 11, 2025 12:00 PM

views 2

স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা

● সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত কালি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লয়। ডিব্ৰুগড় জিলাতো কালি মন্ত্রী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত বহুসংখ্যক লোকে দেশপ্রেমমূল...

August 8, 2025 10:25 AM August 8, 2025 10:25 AM

views 13

মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

■ গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত উচ্ছেদ চলাব। জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিলত প্রায় ৩০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে গোলাঘাট জিলা বন বিভাগে ড্ৰোণৰ সহায়ত মেৰাপানীৰ নগা পাহাৰৰ দাঁতিত ২ নম্বৰ নেঘেৰিবিল গাঁৱত সন্দেহজনক লোকৰ বসতিপ্রধান অঞ্চলটোৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে বন বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোত উপস্থিত হৈ ঘৰে ঘৰে গৈ জৰীপ আৰু তথ্য সংগ্ৰহ...

August 4, 2025 8:08 PM August 4, 2025 8:08 PM

views 22

নগাঁৱৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ ২১ বছৰীয়া ছনায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

August 4, 2025 7:55 PM August 4, 2025 7:55 PM

views 13

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই চুৰি গোচৰত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই আজি এটা চুৰি গোচৰত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তিনি দিন আগতে তিতাবৰৰ মিহিৰাম শ‍ইকীয়া বিদ্যালয়ত সংঘটিত এটা চুৰিৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্তকেইজনৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰে৷

August 4, 2025 6:40 PM August 4, 2025 6:40 PM

views 16

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসান

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ আজি পুৱা বৰপেটাৰ গলিয়াহাটীৰ নিজ বাসগৃহত দেহাৱসান ঘটে। বৰপেটাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ মিশ্ৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০০ বছৰ। ১৯২৬ চনত বৰপেটাৰ এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা মিশ্ৰ সৰুৰেপৰা সংগীত চৰ্চাত নিমগ্ন আছিল। এগৰাকী ফুটবল খেলুৱৈ আৰু অভিনেতা হিচাপে দক্ষতা থকা মিশ্ৰ বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। দেশৰ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ শাস্ত্রীয় সংগীতানুষ্ঠানত বেহেলা বাদন পৰিৱ...

August 4, 2025 6:38 PM August 4, 2025 6:38 PM

views 14

ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত

ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়। নিহত লোকদুজন খোৱাং চাহ বাগিচাৰ গাড়ীচালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উৰণ সেতুৰ কাষত ৰখাই থোৱা দুখন বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন ছজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুর্ঘটনা ...