August 28, 2025 8:33 PM August 28, 2025 8:33 PM

views 2

শোণিতপুৰত প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি মন্ত্রী অশোক সিংঘালৰ

মন্ত্রী অশোক সিংঘালে আজি শোণিতপুৰ জিলাৰ প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি কৰে। ঢেকীয়াজুলিৰ ভোটপাৰাত এই উপলক্ষে আয়োজিত সভাত অংশ লৈ তেওঁ কয় যে, আৰক্ষী প্ৰশাসনে নিষ্ঠাৰে কাম কৰাৰ বাবে আজি ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস পাইছে। সমাজৰ অপশক্তি আৰু অপৰাধ চক্ৰৰ বিৰুদ্ধে ৰাইজ একত্রিত হব লাগিব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্যত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ স্থান নাই বাবে আজি বৰ্হিৰাজ্যত আৰক্ষী আহি অসমত প্ৰশিক্ষণ লৈছে বুলি তেওঁ কয়। জাতি-মাটি-ভেটি সভ্যতা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিজয়ী নোহোৱালৈকে য...

August 28, 2025 8:28 PM August 28, 2025 8:28 PM

views 18

নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ’ব

নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ'ব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি নাৱেৰে কলঙৰ অবৈধভাৱে দখল কৰা অঞ্চল পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অবৈধভাৱে দখল কৰা অঞ্চলসমূহ নিৰ্দিষ্ট সময়ত খালী নকৰিলে বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কলঙৰ মাটি ম্যাদী কৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰি জিলা আয়ুক্তগৰাকীয়ে নৈখন প্ৰদূষিত কৰাসকলক সকিয়াই দিয়ে। আয়ুক্তগৰাকীয়ে শৌচালয়ৰ টেংকি আঁতৰাই নিনিলে এনে লোক গ্ৰেপ্তাৰ পৰ্যন্ত হ'ব পাৰে বুলি মন্তব্য কৰে।

August 25, 2025 10:46 AM August 25, 2025 10:46 AM

views 16

মাজুলীৰ চেলেকঘাটত পুৱা সংঘটিত অগ্নিকাণ্ডত ৩খন দোকানৰ ৪ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট

■ নামনি মাজুলীৰ চেলেকঘাটত আজি পুৱা অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত তিনিখন দোকানৰ ৪ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট নহয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

August 21, 2025 8:17 PM August 21, 2025 8:17 PM

views 11

মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‍ইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিন্টু শৰ্মাক মৃত্যু দণ্ডৰে দণ্ডিত

ধেমাজিৰ জিলা আৰু ছেছন আদালতে আজি মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‍ইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিন্টু শৰ্মাক মৃত্যু দণ্ডৰে দণ্ডিত কৰে। মুঠ ৪১ জন লোকৰ সাক্ষ্যৰ ভিত্তিত ৪ বছৰজোৰা বিচাৰৰ অন্তত জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শ‍ইকীয়াই কালি অভিযুক্ত ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰে। আজি আদালতে দোষীৰ শাস্তি ঘোষণা কৰে। উল্লেখযোগ্য যে ৰিণ্টু শৰ্মাই ২০২১ চনৰ ২১ আগষ্টত পৰিকল্পিতভাৱে নন্দিতা শ‍ইকীয়াক আক্ৰমণ কৰিছিল। পৰৱৰ্তী সময়ত ধেমাজি আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত ৰিন্টু শৰ্মাৰ বিৰুদ্ধে ৪০০ পৃষ্ঠাজোৰা...

August 21, 2025 7:10 PM August 21, 2025 7:10 PM

views 12

তামুলপুৰৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি

তামুলপুৰ জিলাৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ এই গাঁও দুখনত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত তামুলপুৰ মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াই সংক্রমিত অঞ্চলৰ গাহৰি নিধনৰ অনুমতি বিচাৰে। এই অনুসৰি জিলা আয়ুক্তই ভাৰতীয় ন্যয় সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত নিৰ্দেশ জাৰি কৰিছে। গাঁও দুখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা অঞ্চলৰ গাহৰিসমূহ নিধন কৰিবলৈ আয়ুক্তই নিৰ্দেশ দিছে। তদুপৰি সংক্ৰমিত অঞ্চলসমূহৰ পৰা...

August 19, 2025 12:58 PM August 19, 2025 12:58 PM

views 10

ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত মহাবাহুৰ গৰাখহনীয়া অব্যাহত

● ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। বিগত এসপ্তাহত ব্ৰহ্মপুত্ৰৰ সোঁতে ৪০ মিটাৰ ভূমিৰ লগতে কেইবাটাও বাসগৃহ উটুৱাই লৈ যায়। জিলাখনৰ জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও নদীৰ কোবাল সোঁতে জিঅ' বেগ উটুৱাই লৈ গৈছে।

August 19, 2025 12:41 PM August 19, 2025 12:41 PM

views 9

মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক

● মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰ্যায়ৰ বিভিন্ন বিষয় পর্যালোচনা কৰাৰ লগতে খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা, সুলভ মূল্যৰ দোকান পৰিচালনা, গুদাম ব্যৱস্থাপনাকে ধৰি কেইবাটাও বিষয় বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ এই বৈঠকত অতিৰিক্ত মুখ্য সচিব, জিলা আয়ুক্ত আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

August 18, 2025 9:25 PM August 18, 2025 9:25 PM

views 16

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত

আজি পহিলা ভাদ। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ দুজনাৰ পূণ্য তিথি পালন কৰা এই পবিত্ৰ মাহটোত হৰিনামৰ ধ্বনিয়ে আধ্যাত্মিক চিন্তা-চেতনাৰে আমাৰ উজ্জীৱিত কৰি ৰাখে বুলি মন্তব্য কৰে। ড০ শৰ্মাই পহিলা ভাদৰ দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা যাঁচি অসমীয়া সমাজৰ শান্তি-সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ কামনা কৰে। অসমীয়া বৈষ...

August 17, 2025 7:35 PM August 17, 2025 7:35 PM

views 12

ভূমিৰ চৰকাৰী জৰীপ নোহোৱা বিশ্বনাথৰ জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ

■ বিশ্বনাথ জিলা প্রশাসনে আজি ভূমিৰ চৰকাৰী জৰীপ নোহোৱা জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ চলাইছে। যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ প্ৰশাসনে কালি মাইক যোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰিছিল। উচ্ছেদ অভিযানত ২০ খন বুলড'জাৰ, ১০ খন ট্ৰেক্টৰ আৰু ২০ খন সৰু-বৰ বাহন ব্যৱহাৰ কৰা হৈছে। যিকোনো অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে অঞ্চলটোত আৰক্ষী-নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। উচ্ছেদ অভিযানৰ বাবে ...

August 17, 2025 7:30 PM August 17, 2025 7:30 PM

views 8

গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত ৰাজ্য চৰকাৰৰ অনুমোদন

● অধিক দক্ষতাৰে ৰাজ্যৰ উন্নয়নৰ গতি আগুৱাই নিয়াৰ উদ্দেশ্যেৰে চৰকাৰে গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত অনুমোদন জনাইছে। গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত ৩২৮ বর্গ কিলোমিটাৰ এলেকাত জৰীপ কৰা হ'ব। আনহাতে কাছাৰ জিলাৰ সোণাই জলসিঞ্চন প্ৰকল্পৰ ১৪৭ বর্গ কিলোমিটাৰ অঞ্চল এই জৰীপৰ জৰিয়তে সামৰি লোৱা হ'ব। এই জৰীপ ব্যৱস্থাৰে নগৰীয়া সম্পত্তি ব্যৱস্থা আৰু স্মাৰ্ট চিটি প্রশাসন সুনিশ্চিত হ'ব। ভৱিষ্যতৰ গুৱাহাটীৰ বাবে আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু কা...