November 21, 2024 7:48 PM
12
মানকাচৰত হত্যা কৰাৰ অভিযোগত ১৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড
২০২১ চনৰ ১৩ মে’ত মানকাচৰৰ পুৰাণদিয়াৰা গাঁৱত দুজন লোকক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত, ১৪ জন লোকক আজি হাটশিঙিমাৰীৰ জিলা আৰু ছেচন আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। জিলা আৰু ছেচন ন্যায়াধীশ সঞ্জয় হাজৰিকাই তিনি বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত যোৱা মঙলবাৰে এই লোককেইজনক দোষী সাব্যস্ত কৰিছিল আৰু শাস্তিৰ ম্যাদ ঘোষণা আজিলৈকে স্থগিত ৰাখিছিল। গোচৰটোৰ লোক অধিবক্তা বিশ্বজিৎ মহন্তৰ উদ্ধৃতি দি আমাৰ দক্ষিণ শালমাৰাৰ সংবাদদাতাই জনাইছে যে গোচৰটোত মুঠ ১৬ জন লোকক অভিযুক্ত কৰা হৈছিল যদিও গোচৰ চলি থকা...