September 30, 2024 8:47 PM
10
বিশিষ্ট চলচ্চিত্র অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা
বিশিষ্ট চলচ্চিত্র অভিনেতা মিথুন চক্ৰৱৰ্তীক অহা মাহত হ’বলগীয়া ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয় যে, কলকাতাৰ পদপথৰ পৰা চলচ্চিত্ৰ জগতৰ উচ্চ শিখৰলৈ অভিনেতাগৰাকীৰ উল্লেখনীয় যাত্ৰাই নৱ-প্ৰজন্মক অনুপ্ৰাণিত কৰে। তেওঁ লগতে কয় যে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ তেওঁৰ অৱদানৰ বাবে ভাৰতীয় চলচ্চিত্ৰৰ এই সন্মানীয় বঁটা তেওঁলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতা মিথুন চক্...