September 24, 2024 9:04 PM September 24, 2024 9:04 PM
5
ত্ৰিপুৰাত এন এল এফ টি আৰু এ টি টি এফৰ ৫০০ৰো অধিক উগ্ৰপন্থীৰ অস্ত্ৰসম্বৰণ
ত্ৰিপুৰাত আজি নেচনেল ফ্ৰণ্ট অৱ ত্ৰিপুৰা (এন এল এফ টি) আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ (এ টি টি এফ)ৰ ৫শৰো অধিক উগ্ৰপন্থীয়ে অস্ত্ৰসম্বৰণ কৰে আৰু হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ ঘুৰি আহে। এই উপলক্ষে চপাহিজালা জিলাৰ অধীনৰ জাম্পুই জালাত আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা, মুখ্য সচিব জে কে সিনহা, আৰক্ষী সঞ্চালকপ্রধান, অমিতাভ ৰঞ্জন আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্রী ডাঃ মানিক সাহাই অনুষ্ঠানত অংশ লৈ কয় যে, উগ্ৰপন্থীগোটৰ সদস্যসকলে মূলসুঁতিত যোগদান কৰাৰ ফলত ৰাজ্যখনৰ উন্নয়...