August 16, 2025 11:08 AM
15
ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা
বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি ভাৰত চৰকাৰ তথা জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাই ভাৰতৰ প্ৰগতি আৰু গোলকীয় পৰ্যায়ত প্ৰাপ্য সন্মানৰ প্ৰশংসা কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে প্ৰধানমন্ত্ৰী মোদী আৰু দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় । এটা বাৰ্তাত শ্ৰী মেক্র'ই দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ...