April 25, 2025 11:40 AM April 25, 2025 11:40 AM

views 2

পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি সৰ্বদলীয় বৈঠকত সমৰ্থন

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি ৰাজনৈতিক দলৰ নেতাসকলে সমর্থন আগবঢ়াইছে। এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছত কালি নতুন দিল্লীত চৰকাৰে আহ্বান জনোৱা সর্বদলীয় বৈঠকত নেতাসকলে সন্ত্রাসবাদ বিৰোধী যুঁজ আৰু এই ক্ষেত্ৰত গ্ৰহণ কৰা যিকোনো ধৰণৰ পদক্ষেপৰ প্ৰতি সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়োৱাৰো আশ্বাস দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে এই আক্ৰমণৰ ঘটনাত সকলো দলে উদ্বেগ প্রকাশ ক...