March 26, 2025 8:21 PM March 26, 2025 8:21 PM

views 12

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিদিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিদিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। গল্প, উপন্যাস, প্রবন্ধ, জীৱনী, সাধুকথা, ইতিহাস অধ্যয়ন, কবিতা, নাটক, গীত ৰচনাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াই যোৱা বেজবৰুৱাই ভিন্নৰুচিৰ লেখাৰে সাহিত্য ক্ষেত্ৰক সমৃদ্ধ কৰি থৈ গৈছে। কৃপাবৰ বৰুৱা ছদ্মনামত কৃপাবৰী ৰচনা সাহিত্য সৃষ্টি কৰি কেৱল সাহিত্যলৈ অৱদান আগবঢ়োৱাই নহয়, সমাজ সংস্কাৰৰ ক্ষেত্ৰতো বেজবৰুৱাই অৰিহণা আগবঢ়াই গৈছে। অসমীয়া জাতিৰ মনোবল আৰু আত্ম মর্যাদাবোধ...