September 20, 2024 7:09 PM

views 53

বিচাৰাধীন গোচৰসমূহৰ বাবে ন্যায় প্ৰদানত বিলম্ব হয় : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিচৰাধীন গোচৰসমূহে ন্যায় প্রদান ব্যৱস্থাত অন্তৰায় সৃষ্টি কৰা বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে, এই গোচৰসমূহৰ বাবে ন্যায় প্ৰদানত বিলম্ব হয়। ৰাজ্যত বিভিন্ন পৰ্যায়ত চাৰে চাৰি লাখতকৈও অধিক গোচৰ বিচৰাধীন হৈ আছে বুলি তেওঁ সদৰী কৰে। তেওঁ কয় যে ইয়াৰ পৰিপ্ৰেক্ষিতত কম গুৰুত্বপূৰ্ণ গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে অধিক গুৰুত্বপূৰ্ণ গোচৰসমূহৰ বিচাৰৰ ক্ষেত্ৰত সুচলতা আহি পৰিব বুলি তেওঁ উল্লেখ কৰে।