July 21, 2024 6:42 PM

views 31

লাওচৰ চাইবাৰ স্কেমিং কেন্দ্ৰৰ পৰা মুঠ ৫১৮ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ

লাওচৰ ভাৰতীয় দূতাবাসে লাওচৰ চাইবাৰ স্কেমিং কেন্দ্ৰৰ পৰা ১৩ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি তেওঁলোকক সুৰক্ষিতভাৱে ভাৰতলৈ পঠিয়াবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। লাওচত এনে প্ৰৱঞ্চনা চক্ৰৰ কবলৰ পৰা এতিয়ালৈকে মুঠ ৫১৮ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে বুলি লাওচৰ ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰকাশ কৰিছে। লগতে পোষ্টটোত ভাৰতীয় দূতাবাসে এই বিষয়ত সহযোগিতা আগবঢ়োৱাৰ বাবে লাওচ কৰ্তৃপক্ষৰ ধন্যবাদ জ্ঞাপন কৰিছে। লাওচলৈ অহা ভাৰতীয় শ্ৰমিকসকলক ভুৱা তথা বেআইনী চাকৰিৰ প্ৰস্তাৱৰ চাইবাৰ কেলেংকাৰীত প্ৰতাৰিত হৈ তে...