February 16, 2025 6:51 PM

views 16

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত শিমলু উৎসৱৰ আয়োজন

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যলৈ পৰ্যটক তথা দৰ্শনাৰ্থীক আকৰ্ষণৰ লক্ষ্যৰে অভয়াৰণ্যখনত শিমলু উৎসৱৰ আয়োজন কৰা হৈছে। শিমলু গছেৰে ভৰপুৰ অৰণ্যখনত ফাগুনৰ শিমলু ফুলাৰ বতৰ চমু চাপি অহাৰ লগে লগে এই উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে চাইক্লিঙৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত নগাঁৱৰ বিভিন্ন বিদ্যালয় -মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন সংস্থাৰ প্ৰতিনিধিয়ে অংশ লয়।