July 24, 2024 10:15 AM

views 16

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ দুটা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি পাইছে। ঘটনাৰ পাছৰে পৰা ভালেমান লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে দেওবাৰে নিশা দক্ষিণ ইথিওপিয়াৰ গেজে গোফা জিলাত হোৱা ভূমিস্খলনৰ বাবে ভালেসংখ্যক লোক ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰে। সোমবাৰে পুৱা আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ বাবে লোকসকলে আগবাঢ়ি অহাৰ সময়তে আৰু এটা ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। বিষয়াসকলে প্ৰকাশ কৰা মতে ঘটনাত নিহতসকলৰ ভিতৰত ১৪৮ গৰাকী পুৰ...