December 22, 2025 12:11 PM

views 10

পশ্চিম কাৰ্বি আংলং জিলাত ৩,২০০টা পৰিয়ালক ভূমি পট্টা বিতৰণ

পশ্চিম কাৰ্বি আংলং জিলাত কালি তিনি হাজাৰ ২০০টা পৰিয়ালক ভূমি পট্টা বিতৰণ কৰা হয়। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা পুথিমি আকেমাং আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই পৰিয়ালসমূহক ভূমিপট্টা বিতৰণ কৰে। এই আঁচনিৰ অধীনত অনাগত সময়ত মুঠ ২ লাখ পৰিয়ালক ভূমি পট্টা বিতৰণ কৰা হ'ব বুলি শ্ৰী ৰংহাঙে প্ৰকাশ কৰে।