December 28, 2024 11:00 AM

views 11

সদ্য প্রয়াত প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্মাৰকৰ বাবে চৰকাৰৰ ভূমি আৱণ্টন

চৰকাৰে সদ্য প্রয়াত প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্মাৰকৰ বাবে ভূমি আৱণ্টন দিব। গৃহ মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খার্গেই এই বিষয়ে কৰা অনুৰোধ চৰকাৰে লাভ কৰা বুলি মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। মন্ত্ৰ্যালয়ে কয়, যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ সামৰণিৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে স্মাৰকৰ বাবে ঠাইৰ ব্যৱস্থা কৰা হ'ব বুলি শ্ৰীখাৰ্গে আৰু প্ৰয়াত প্রধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ আগত প্ৰকাশ কৰে ৷