January 4, 2026 8:07 AM January 4, 2026 8:07 AM
9
লামডিং-শিলচৰ ব্ৰডগজ ৰূপান্তৰ প্ৰকল্পই প্ৰগতিৰ মাধ্যমেৰে উচ্চ পৰ্যায়ৰ নিৰীক্ষণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়ন তথা যোগাযোগ উন্নীতকৰণৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়
প্রধানমন্ত্ৰীৰ সক্ৰিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়নৰ ধবজাবাহী মঞ্চ প্ৰগতিয়ে ৫০ সংখ্যক বৈঠকৰ সফল আয়োজনেৰে গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত আৰম্ভ কৰাৰে পৰা এই মঞ্চই প্রধানমন্ত্ৰীৰ পোনপটীয়া পৰ্যবেক্ষণৰ মাধ্যমেৰে গুৰুত্বপূৰ্ণ আন্তঃগাথনি প্রকল্প আৰু জনসাধাৰণৰ ওজৰ আপত্তিৰ বাস্তৱিক নিৰীক্ষণ তথা সমাধান সম্ভৱ কৰি তুলি শাসন ব্যৱস্থাত আমূল পৰিবৰ্তন সাধন কৰিছে। এই মঞ্চ সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই মঞ্চই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য আৰ...