October 16, 2024 7:39 PM

views 21

শিৱসাগৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে আজি লক্ষ্মী পূৰ্ণিমাৰ দিনটোত শিৱসাগৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন কৰা হয়। এই উপলক্ষে শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যানত অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰীগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজলন কৰি বেজবৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হয়। অসমীয়া সাহিত্যৰ সকলো ক্ষেত্ৰকে চহকী কৰি যোৱা সাহিত্যৰথীগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বেজবৰুৱা পৰিয়ালৰ হৈ অৰুন্ধতি বেজবৰুৱাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা ছাত্ৰ সন্থাই...