June 7, 2025 7:17 PM

views 20

লখিমপুৰ জিলা সুত সন্মিলনৰ উদ্যোগত ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

লখিমপুৰ জিলা সুত সন্মিলনৰ উদ্যোগত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ সুত সম্প্ৰদায়ৰ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম সুত সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ হাজৰিকাই সৰ্বভাৰতীয় জাতি হিচাপে সুত জাতিৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে। সভাত অংশ গ্ৰহণ কৰি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই কৃতী ছাত্ৰ-ছাত...