September 25, 2024 12:30 PM

views 10

লখিমপুৰত জিলা যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত নতুন ঔষধ ব্যৱস্থাবিষয়ক প্ৰশিক্ষণ কার্যসূচী

জিলা যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত নতুন ঔষধ ব্যৱস্থাৰ বিষয়ে লখিমপুৰ জিলা সন্মিলন কেন্দ্ৰত মঙলবাৰে প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যিক যক্ষ্মা বিষয়া, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতা, লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা যক্ষ্মা আৰু এইডছ নিয়ন্ত্ৰণ বিষয়াৰ লগতে মহকুমা স্বাস্থ্য বিষয়াসকলে অংশগ্রহণ কৰে।