March 17, 2025 12:45 PM

views 25

লখিমপুৰ জিলাৰ নাওবৈচা পকনীয়া ঘাটত সোৱণশিৰিৰ ভয়াৱহ খহনীয়া

লখিমপুৰ জিলাৰ নাওবৈচা পকনীয়া ঘাটত সোৱণশিৰিৰ খহনীয়াই অঞ্চলটোৰ জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। খহনীয়াৰ ফলত নাওবৈচা আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পমুৱা খাবলু, নামেচুক, কাৱৈভুৰুকা আৰু পকনীয়া ঘাটৰ বিস্তীর্ণ কৃষিভূমি, বাসগৃহ আদি নৈৰ বুকুত জাহ হৈছে। খহনীয়াৰ ফলত পাভ বনাঞ্চলৰ কেইবাশ হেক্টৰ ভূমিও সোৱণশিৰিৰ বুকুত জাহ গৈছে। নদীখনৰ তীব্ৰ খহনীয়াই সম্প্রতি নাওবৈচা ৰাজহ চক্ৰৰ সোঁপাৰৰ মথাউৰিটোলৈ ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটোৰ জনসাধাৰণে এই সমস্যাৰ দ্ৰুত সমাধানৰ বাবে চৰকাৰক আহ্...