May 23, 2024 8:39 PM

views 36

লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত অভিযুক্তৰ মৃত্যু; আৰক্ষী সঞ্চালকপ্রধানৰ তদন্ত ঘোষণা

লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকীত এজন অভিযুক্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্রধানে তদন্ত ঘোষণা কৰিছে। ঘটনা অনুসৰি মোবাইল চুৰিৰ অভিযোগত এজন লোকক আটক কৰা হৈছিল যদিও আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে লোকজন অসুস্থ হৈ পৰে। সংশ্লিষ্ট আৰক্ষী চকীখনৰ আৰক্ষীয়ে ততাতৈয়াকৈ লোকজনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইয়াৰ পাছতে লোকজনৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ তোলে আৰু স্থানীয় ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। এই ঘটনা সন্দৰ্ভত তাৎক্ষণিকভ...