September 21, 2024 9:19 PM

views 12

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এন পি এছ বাৎসল্য আঁচনি সন্দৰ্ভত নাবাৰ্ডৰ সজাগতা সভা

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি শিশুৰ আৰ্থিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ কেন্দ্রীয় বিত্ত মন্ত্ৰীয়ে ১৮ ছেপ্তেম্বৰত নতুন দিল্লীত শুভাৰম্ভ কৰা এন পি এছ বাৎসল্য আঁচনি সন্দৰ্ভত নাবাৰ্ডৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধকে আয়োজন কৰা সভাখনত জিলা ভাৰপ্ৰাপ্ত আয়ুক্তকে ধৰি চৰকাৰী উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে পঞ্জাৱ নেচনেল বেংকৰ উত্তৰ লখিমপুৰ শাখাৰ বিষয়ববীয়া তথা জিলাখনৰ প্ৰায় ৩০খন বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে বিষয়ববীয়াসকলে অনুষ্ঠানটোত ...