August 30, 2025 9:03 PM

views 15

লখিমপুৰ জিলাত অহা ১৩ ছেপ্তেম্বৰত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে লখিমপুৰ জিলাত অহা ১৩ ছেপ্তেম্বৰত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত লখিমপুৰ জিলা ন্যায়ালয় আৰু ঢকুৱাখনা মহকুমা ন্যায়ালয়ত এই আদালতৰ আয়োজন কৰা হৈছে। এই আদালতৰ জৰিয়তে শ্রম বিবাদ, বেংকৰ ঋণ অনাদায়কে ধৰি সমিলমিলেৰে মীমাংসা কৰিব পৰা ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। লখিমপুৰ জিলা আইন প্ৰাধিকৰণৰ বিষয়াসকলে লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।