March 29, 2025 9:09 PM

views 13

লখিমপুৰ লালুক ক্রীড়া সন্থাৰ খেলপথাৰত সদৌ অসম আন্তঃজিলা ছিনিয়ৰ মহিলা হেণ্ডবল প্রতিযোগিতা

লখিমপুৰ লালুক ক্রীড়া সন্থাৰ খেলপথাৰত আজি একবিংশ অচ্যুত বৰুৱা সোৱৰণি সদৌ অসম আন্তঃজিলা ছিনিয়ৰ মহিলা হেণ্ডবল প্রতিযোগিতাৰ উদ্বোধন কৰা হয়। লখিমপুৰ জিলা হেণ্ডবল সন্থাৰ উদ্যোগত তথা লখিমপুৰ জিলা ক্রীড়া বিষয়াৰ কাৰ্যালয় আৰু লালুক ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত এই প্রতিযোগিতাত প্ৰতিযোগিতাখনৰ সভাপতি, সম্পাদক, তথা অসম হেণ্ডবল এছোছিয়েছনৰ সভাপতি লক্ষ্য কোঁৱৰ, যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকা আৰু বিধায়ক মানৱ ডেকাৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে ।