September 16, 2024 11:59 AM

views 39

লখিমপুৰৰ লালুকত খাদ্যত বিষক্ৰিয়া হৈ ৪৮গৰাকী লোক চিকিৎসাধীন

লখিমপুৰ জিলাৰ লালুকত খাদ্যত বিষক্ৰিয়া হৈ মুঠ ৪৮ গৰাকী লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। ইয়াৰে ১৫ গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ সন্দৰ্ভত লালুক আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ ভাৰতী বৰা আৰু স্থানীয় লোকে জনোৱা মতে লালুক থানাৰ অন্তৰ্গত পূব লালুক পুখুৰীপৰীয়া গাঁৱৰ এটা পৰিয়ালৰ গৃহত অনুষ্ঠিত কৰা এটা ধৰ্মীয় অনুষ্ঠানত মাহ-প্ৰসাদ আৰু পায়স খোৱাৰ পাছতেই লোকসকল অসুস্থ হৈ পৰে। চিকিৎসাধীন লোকসকল অসহ্য পেটৰ বিষ, বমি আৰু ডায়েৰীয়াত আক্রান্ত হয়। অসুস্থ...