July 19, 2025 10:14 PM

views 21

লখিমপুৰত সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ ড্রাগছ সম্বন্ধীয় আলোচনাচক্ৰ

সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়, অসম আৰু এটা বেচৰকাৰী সংস্থাৰ সহযোগত আজি লখিমপুৰ, মাজুলী আৰু ধেমাজিৰ সংবাদকর্মীসকলৰ মাজত লখিমপুৰ জিলাত ড্রাগছ সম্বন্ধীয় এখন আলোচনাচক্ৰৰ আয়োজন কৰা হয়। ড্ৰাগছৰ চাহিদা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় ক্রিয়াশীল পৰিকল্পনাৰ অধীনত ছপা আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ মাজত সামৰ্থ বিকাশ কার্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। এই আলোচনাচক্ৰত লখিমপুৰ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নয়নমণি বৰ্মন, ইটানগৰত অৱস্থিত ৰাষ্ট্ৰীয় অপৰাধ শাখাৰ অধীক্ষক তুলিকা মৰাণ আৰু জাগৃতি বেচৰক...