August 6, 2024 9:00 PM

views 21

লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় উদ্ভিদ, জৈৱ প্ৰযুক্তি প্রতিষ্ঠান নতুন দিল্লীৰ সৌজন্যত আজি লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাওধানৰ কৃষি কাৰ্যৰ সৈতে জড়িত তথা দ্বৈত শস্য ৰোপণত জড়িত প্রগতিশীল কৃষকসকলক কৃষি সঁজুলিসমূহ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে চলিত বছৰত অসমৰ মুঠ এহেজাৰ হেক্টৰ কৃষিভূমিত দ্বৈত শস্য ৰোপন ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ...

August 1, 2024 12:44 PM

views 18

লখিমপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখা তথা আনুষংগিক বিভাগৰ আকস্মিক পৰিদৰ্শন

লখিমপুৰ জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি কালি লখিমপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই জিলা আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখা তথা আনুষংগিক বিভাগৰ আকস্মিক পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিকে ধৰি উপস্থিতিৰ পঞ্জীয়ন বহী, কর্মসূচী আদি পৰীক্ষা কৰাৰ লগতে কাম- কাজসমূহৰ বুজ লোৱা হয়। কৰ্মচাৰীসকলৰ কৰ্ম সংস্কৃতি তথা জনতালৈ সকলো সুবিধা সুচলভাৱে উপলব্ধ কৰোৱাৰ স্বাৰ্থত চৰকাৰী কাৰ্যালয়ত এনে আকস্মিক পৰিদৰ্শন আগলৈকো অব্যাহত ৰখা হ'ব বুলি লখিমপুৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।

July 21, 2024 12:44 PM

views 15

স্বাধীনতা দিৱস পালনৰ উদ্দেশ্যে লখিমপুৰ জিলা আয়ুক্তৰ সভাপতিত্বত গুৰুত্বপূৰ্ণ বৈঠক

সমাগত স্বাধীনতা দিৱস পালনৰ উদ্দেশ্যে লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আয়োজিত এই সভাত স্বাধীনতা দিৱস উদযাপন সম্পর্কে বিশদভাৱে আলোচনা কৰা হয়। সভাত আয়ুক্তগৰাকীয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বে নিজ নিজ দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়। দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলগীয়া বিভিন্ন প্...