May 10, 2024 11:39 AM

views 43

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামূলক সভা

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগ, জিলা আৰক্ষী, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আদিৰ সহযোগত কালি অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। জিলাখনৰ ধলপুৰৰ কেতবোৰ অঞ্চলত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ অসামাজিক কাৰ্য সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতে এই কাৰ্যসূচীৰ আয়োজনৰ কৰা হয়। সভাত টি এম পি কেৰ প্ৰতিনিধি, গাঁওপ্রধান, বিভিন্ন সামাজিক সংস্থাৰ প্ৰতিনিধি তথা স্থানীয় জনসাধাৰণে অংশগ্ৰহণ কৰে। সভাত উপস্থিত সমল ব্যক্তিসকলে জনসাধাৰণক কোনো কাৰণতে অন্ধবিশ্বাসৰ বশৱৰ...