September 18, 2024 12:03 PM

views 10

লখিমপুৰত কাইলৈ অৰুণোদয় আৰু এনএফএছ এক্টৰ হিতাধিকাৰীয়ে লাভ কৰা ৰেচন কাৰ্ডৰ উদ্বোধনী অনুষ্ঠান

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অতিৰিক্ত আয়ুক্ত কোকিলা গগৈয়ে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ অধীনৰ হিতাধিকাৰীসকলৰ নতুনকৈ ৰেচন কার্ড লাভ কৰা কার্যসূচী সম্বন্ধে এখন সংবাদমেল আয়োজন কৰে। কাইলৈ দিনৰ ১১ বজাত কেন্দ্রীয়ভাৱে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ হিতাধিকাৰীয়ে লাভ কৰা ৰেচন কাৰ্ডৰ কেন্দ্রীয়ভাৱে উদ্বোধন কৰিব। অসমৰ ১২৬ টা বিধানসভা সমষ্টিতে একে সময়তে অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। লখিমপুৰ বিধানসভা সমষ্টিৰ বগীনদীত ১০ হাজাৰ, নাওবৈচা সমষ্টিৰ পানীগাঁও উচ্চত...