November 30, 2024 12:39 PM

views 15

লখিমপুৰৰ সোৱণশিৰি শাখা কবি সন্মিলনৰ অসমভিত্তিক অনলাইন কবিতা প্রতিযোগিতাৰ ফলাফল ঘোষণা

লখিমপুৰ জিলা কবি সন্মিলনৰ অন্তৰ্গত সোৱণশিৰি শাখা কবি সন্মিলনে আয়োজন কৰা অসম ভিত্তিক অনলাইন কবিতা প্রতিযোগিতাৰ কালি ফলাফল ঘোষণা কৰা হয়। প্রতিযোগিতাখনত প্ৰথম স্থান লাভ কৰিছে মৈদমীয়া পদ্মানগৰ পথৰ দীপালী বৰুৱা, দ্বিতীয় স্থান লাভ কৰি নগাঁৱৰ বিশ্বজিৎ বৰা আৰু তৃতীয় স্থান লাভ কৰিছে উত্তৰ লখিমপুৰ কলেজৰ ছাত্ৰ দেৱকান্ত বৰুৱাই। বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি সোৱণশিৰি শাখা কবি সন্মিলনৰ সভাপতিদ্বয় জ্যোতিকমল বৰা আৰু পত্রিকা সম্পাদক জগদীশ দত্তই জনাইছে।