November 2, 2024 12:56 PM

views 18

লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি আজি কিতাপৰ দিন উদযাপন

বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ, অভিনেতা, নাট্যকাৰ তথা পৰিচালক প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি আজি কিতাপৰ দিন উদযাপন কৰা হ'ব। গুৱাহাটীৰ উজানবজাৰত থকা কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সন্ধিয়া ৬ বজাত আয়োজিত অনুষ্ঠানত সাংবাদিক নিত্য বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত লক্ষ্যধৰ চৌধুৰী ৰচিত মোৰ অভিনেতা জীৱনৰ কাহিনী আৰু ভগৱান শ্ৰীকৃষ্ণ আৰু অনুৰাধা দাস ৰচিত জীৱনৰ বাটে ঘাটে শীৰ্ষ গ্ৰন্থকেইখন উন্মোচন কৰা হ'ব ।