October 24, 2024 9:01 PM
11
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত ‘সমর্থ’ আঁচনি উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ লাহদৈগড়ত কেন্দ্রীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই প্রতিষ্ঠানটোৱে ৰেচম উদ্যোগ বিশেষকৈ মূগা আৰু এড়ী, ৰেচম সূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে। আজি উদ্বোধনী অধিৱেশনৰ পাছতেই প্ৰদৰ্শনী মুকলি, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ ইতিহাস দেৱাল আদি উন্মোচন, তথ্যচিত্ৰ আৰু স্মাৰক উন্মোচন, গ্রন্থ উন্মোচন কাৰ্যসূচী আদি লোৱা হয়। ...