June 29, 2024 6:40 PM

views 18

লাডাখত টেংক ডুবি ৫জন সেনা জোৱানৰ মৃত্যুত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গভীৰ শোক প্ৰকাশ

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখৰ ছিয়ক নদীত টেংক ডুবি মৃত্যু হোৱা পাঁচজন সেনা জোৱানৰ দুৰ্ভাগ্যজনক দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়াৰ এটা পোষ্টত শ্ৰীসিঙে কয় যে, দেশৰ প্ৰতি বীৰ সৈনিকসকলৰ দৃষ্টান্তমূলক সেৱা দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই দুখৰ সময়ত ৰাষ্ট্ৰ তেওঁলোকৰ সৈতে থিয় দিয়ে।