November 25, 2024 7:19 PM

views 13

শ্ৰীলংকাত উদযাপন লাচিত দিৱস

শ্ৰীলংকাৰ কলম্বোৰ স্হিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সংস্কৃতি কেন্দ্ৰই গৌৰৱ আৰু দেশপ্ৰেমৰ প্ৰতীক লাচিত দিৱস উদযাপন কৰে। এই অনুষ্ঠানৰ দ্বাৰা ঐতিহাসিক ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সাম্ৰাজ্যৰ ওপৰত বিজয়ী অসমীয়াৰ সেনাৰ নেতৃত্ব গ্ৰহণ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ অসাধাৰণ সাহস, সু-নেতৃত্ব আৰু স্বদেশৰ প্ৰতি অটল সমৰ্পণক শ্ৰদ্ধা জনোৱা হয়। কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তই অতিথিসকলক আদৰণি জনায় আৰু ভাৰতৰ ইতিহাসত এই দিনটোৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰি কলম্ব’ ব...