October 28, 2025 8:11 PM

views 51

বীৰ লাচিত সেনাৰ তিনিজন সদস্যক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ তিনিজন সদস্যক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতে তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। সংবাদমেলৰ আয়োজন কৰাৰ সময়তে আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা সংগঠনটোৰ মুখ্য সচিব বল্টু পাণি ফুকন আৰু উৎপল দত্ত, তন্ময় চেতিয়া নামৰ সদস্যকেইজনক আজি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাইছিল। উল্লেখযোগ্য যে ধন দাবী আৰু অপহৰণৰ গোচৰত দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে বীৰ লাচিত সেনাৰ ৮ জন সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা বহু আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিছি...

October 28, 2025 10:53 AM

views 145

বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক আটক

● গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক ধন দাবী আৰু অপহৰণৰ গোচৰত কালি আটক কৰাৰ পাছতেই সংগঠনটোৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই কালি শিৱসাগৰত এখন সংবাদমেলৰ আয়োজন কৰে। তেওঁ এই বিষয়টোক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি শীঘ্ৰেই তেওঁলোকক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায়। শৃংখল চলিহাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ লগতে সংগঠনটো কেৱল অসম আৰু অসমীয়াৰ বাবেহে দায়বদ্ধ বুলি উল্লেখ কৰে। ধন দাবী আৰু অপহ...