November 24, 2025 6:22 PM

views 18

বীৰ লাচিত বৰফুকনক প্রধানমন্ত্ৰী মোডীৰ শ্রদ্ধাঞ্জলি

অসমৰ আহোম শাসনকালৰ বীৰ লাচিত বৰফুকনক লাচিত দিৱসত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শ্রদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোডীয়ে কয়, যে দেশে লাচিত বৰফুকনক অফুৰন্ত সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ বাবে মনত ৰাখিব। তেওঁ কয়, যে তেওঁৰ বীৰত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক প্ৰেৰণা যোগাই আহিছে। অসমৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত লাচিত বৰফুকনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে।

November 24, 2025 5:56 PM

views 46

আজি লাচিত দিৱস

আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বীৰ পুৰুষজনাৰ ৪০৩ সংখ্যক জয়ন্তীত ৰাজ্যবাসীলৈ ওলগ জনাইছে। এই উপলক্ষে ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে ‘বীৰ লাচিত দিৱস' পালন কৰা হয়। যোৰহাট জিলাৰ হোলোঙাপাৰৰ লাচিত মৈদামত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথ...

May 21, 2025 6:57 PM

views 21

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত আজি পুৱাৰ ভাগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যত সংগীত উৎসৱ পৰ্যটন অর্থনীতি গঢ়াৰ বাবে উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনৰ স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্ৰযুক্তিৰ সৈতে বিকশাই তুলিবলৈ আজিৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ সৌৰশক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি ২০২৫ত মন্ত্রীসভাই অনুমোদন জনাইছে। সেই...

November 24, 2024 7:31 PM

views 23

বীৰ লাচিত বৰফুকনৰ ৪০২ বছৰীয়া জয়ন্তী পালন 

বীৰ লাচিত বৰফুকনৰ ৪০২ বছৰীয়া জয়ন্তী উপলক্ষে আজি বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ নতুন দিল্লীত থকা চৰকাৰী বাসভৱনত আজি এই দিৱস উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰী সোণোৱালে এই কাৰ্যসূচীত অংশ লৈ কয় যে দেশৰ ইতিহাসৰ এগৰাকী প্ৰবাদ প্রতীম মহাবীৰ লাচিত বৰফুকনৰ শৌর্য বীর্য, অদম্য শক্তি, সাহস আৰু বীৰত্বৰ কাহিনীয়ে দেশবাসীক অনুপ্ৰেৰণা যোগাই আহিছে। শক্তিশালী, সমৃদ্ধিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াৰ দিশত লাচিত বৰফুকনৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা অতুলনীয় ...